মাজ আকাশত পুনৰ বোমাতংক (Bomb Threat) । ভিস্তাৰা এয়াৰলাইনছ কৰ্তৃপক্ষৰ পৰা এই বোমাতঙ্কৰ কথা স্বীকাৰ কৰা হৈছে। লগতে এইটোও কোৱা হৈছে যে ভাবুকি পোৱাৰ পিছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
![Bomb Threat in Flight I পুনৰ মাজ আকাশত বিমানত বোমাতঙ্ক 3 Bomb Threat in Flight I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/The-Directorate-General-of-Civil-Aviation-DGCA-s_1712056429812_1712196277029.jpg?resize=549%2C309&ssl=1)
মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত অৱশ্যে বিমানখন সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। যাত্ৰীসকলক বিমানখনৰ পৰা সুৰক্ষিতভাৱে নমাই দিয়াৰ পিছত অনুসন্ধান আৰম্ভ হয়। অৱগত কৰা হয় বোমা স্কোয়াডকো।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে আবেলিলৈকে বিমানখনত চলোৱা অনুসন্ধানত সন্দেহজনক একো পোৱা হোৱা নাই। উল্লেখ্য যে বিগত কেইমাহমান ধৰি এনে ধৰণৰ বোমাৰ ভাবুকিৰ ইমেইল দেশৰ বিভিন্ন চহৰৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে।
বেছিভাগ ক্ষেত্ৰতেই মেইল প্ৰেৰকৰ লক্ষ্য হৈছে বিমানবন্দৰ, চিকিৎসালয় আৰু বিদ্যালয়। কিন্তু প্ৰায় সকলো ক্ষেত্ৰতে একো পোৱা যোৱা নাই ।