ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur bridge collapsed I এইবাৰ মণিপুৰত ভাঙিল নতুনকৈ নিৰ্মাণ কৰা দলং, নদীত ট্ৰাক বাগৰি চালকৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 1, 2024
Reading Time: 1 min read
A A
0
Manipur bridge collapsed I এইবাৰ মণিপুৰত ভাঙিল নতুনকৈ নিৰ্মাণ কৰা দলং, নদীত ট্ৰাক বাগৰি চালকৰ মৃত্যু

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

এইবাৰ মণিপুৰত (Manipur) দলং দুৰ্যোগ। দেওবাৰে নতুনকৈ নিৰ্মাণ কৰা এখন দলং ভাঙি এজন লোকৰ মৃত্যু হয়। মণিপুৰৰ ইম্ফল নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল দলংখন। এখন ট্ৰাক দলঙৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। আনহাতে, গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে ট্ৰাকখনৰ চালক। ফলত তেওঁৰ মৃত্যু হয়।

Manipur bridge collapsed I
এইবাৰ মণিপুৰত ভাঙিল নতুনকৈ নিৰ্মাণ কৰা দলং, নদীত ট্ৰাক বাগৰি চালকৰ মৃত্যু:

মণিপুৰৰ ইম্ফল পশ্চিমৰ ৱাংগোই থানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও একেখন দলং দুবাৰকৈ ভাঙি গৈছিল। তেতিয়া কোনো লোক আহত হোৱা নাছিল। ইয়াকে লৈ দলংখন তিনিবাৰ ভাঙিল। কিন্তু কিয় বাৰে বাৰে দলংখন ভাঙিছে তাৰ তদন্ত চলি আছে।

দেওবাৰে পুৱা প্ৰায় ৬ বজাত এখন ট্ৰাক দলঙৰ ওপৰেৰে ইম্ফল নদী পাৰ হৈ আছিল। তাৰ ভিতৰত চাৰিজন লোক আছিল। হঠাৎ দলংখন খহি পৰাত ট্ৰাকখন পোনে পোনে নদীত বাগৰি পৰে। সেই সময়ত বাকী তিনিজন লোক ট্ৰাকৰ পৰা জপিয়াই পানীত পৰে। কিন্তু চালকজন নামিব নোৱাৰিলে। ফলত ট্ৰাকখনৰ লগতে তেৱোঁ নদীত উটি যায়।

এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা দল উপস্থিত হয়। উদ্ধাৰকাৰীয়ে কেইবা মিনিট সময় লৈ চালকজনক ট্ৰাকৰ পৰা মুক্ত কৰি ওপৰলৈ তুলি আনে। অৱশ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম মহম্মদ বৰজাও (৪৫)। তেওঁ ইম্ফল পশ্চিমৰ বাসিন্দা। এই খবৰ পাই মণিপুৰৰ ৰাজহুৱা কাম আৰু নগৰ উন্নয়ন মন্ত্ৰী ৱাই খেমচান্দ সিঙে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। অঞ্চলটোৰ বিধায়ক খুৰাইজিয়াম লোকানো তাত আছিল। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিজুতিৰ বাবে দলংখন ভাঙি পৰা বুলি জানিবলৈ দিয়ে।

লগতে প্ৰকৃত কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ কয়, “তদন্ত সমিতিৰ প্ৰতিবেদন অনুসৰি এই ঘটনাত যদি কাৰোবাক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অতি সোনকালে দলংখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।”

Tags: এইবাৰ মণিপুৰত ভাঙিল নতুনকৈ নিৰ্মাণ কৰা দলংনদীত ট্ৰাক বাগৰি চালকৰ মৃত্যু
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx