ফাইনেলৰ নিশা বাৰ্বেডোজৰ হোটেলত ভাৰতীয় অধিনায়কগৰাকীয়ে নিজৰ বুকুৰ মাজত বিশ্বকাপৰ (T20 Worldcup) ট্ৰফি লৈ শুই থাকিল। শনিবাৰে ভাৰতীয় ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত বিশ্বকাপ টি-২০ৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰে।
![Rohit Sarma I ওৰে নিশা বিশ্বকাপৰ ট্ৰফি বুকুত বান্ধি শুলে ৰোহিত শৰ্মাই 3 Rohit Sarma I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240701_115416.jpg?resize=1280%2C720&ssl=1)
আনহাতে, বিশ্বকাপ জয়ৰ পাছত ৰোহিত শৰ্মাই টি-২০ ফৰ্মেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ কিছু সময়ৰ পূৰ্বে বিৰাট কোহলীয়েও টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ঘোষণা কৰে।
অৱসৰৰ কথা ঘোষণা কৰি ৰোহিত শৰ্মাই কয় যে ২০২৪ চনত বিশ্বকাপ জয় কৰি টি-২০ ফৰ্মেটৰ পৰা অৱসৰ ল’ব বিচাৰিছে। ২০০৭ চনত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰাৰ সময়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
সাংবাদিকসকলে তেওঁক টি-২০ ফৰ্মেটত ক্ৰিকেট খেলি যাবলৈ অনুৰোধ জনায় যদিও তেওঁ এদিনীয়া আৰু টেষ্ট ক্ৰিকেট খেলি থাকিব বুলি নিশ্চিত কৰে। তেওঁ লগতে নিশ্চিত কৰে যে তেওঁ মাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
ইফালে ৰোহিত শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এখন ছবি পোষ্ট কৰে। তেওঁৰ হোটেলৰ কোঠাত বিশ্বকাপৰ ট্ৰফীটো কাষতে লৈ শুই থকা দেখা গৈছে। ছবিখনৰ পৰা স্পষ্ট যে তেওঁ ট্ৰফীটো লৈ নিশা হোটেলৰ কোঠাত শুবলৈ গৈছিল।