২০২৩ চনৰ আমেৰিকাৰ ধৰ্মীয় স্বাধীনতা প্ৰতিবেদনত ভাৰতত ক্ৰমবৰ্ধমান ঘৃণামূলক ভাষণ আৰু ধৰ্মান্তৰকৰণ বিৰোধী আইনক (US Report on India’s religious issues) গৰিহণা দিয়াৰ পিছত ভাৰতে আজি আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিদেশ মন্ত্ৰণালয়ৰ এক দীঘলীয়া বিবৃতিত এই সন্দৰ্ভত ৱাশ্বিংটনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
![US Report on Indias Religious Issues I আমেৰিকাৰ ধৰ্মীয় স্বাধীনতা প্ৰতিবেদনক পক্ষপাতদুষ্ট আখ্যা দিল্লীৰ 3 US Report on Indias Religious Issues I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240629_113934.jpg?resize=1600%2C900&ssl=1)
শেহতীয়াকৈ নতুন দিল্লীয়ে ভাৰতৰ বিষয়ে আমেৰিকাই কৰা সামলোচনা বা অভিযোগৰ প্ৰত্যুত্তৰ দি আহিছে ভাৰতে। এইবাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰে।
তেওঁ কয়, “এই প্ৰতিবেদন পূৰ্বৰ দৰেই অতি পক্ষপাতদুষ্ট, ভাৰতৰ সামাজিকতন্ত্ৰৰ প্ৰতি অজ্ঞান আৰু আপাত দৃষ্টিত দেশৰ ভোট বেংকৰ ৰাজনীতিৰ ওপৰত দৃষ্টি ৰাখি দোষ জাপি দিয়া মানসিকতাৰ পৰা প্ৰস্তুত কৰা হৈছে। আমি এই প্ৰতিবেদন প্ৰত্যাখ্যান কৰিছো।” কিন্তু আমেৰিকাৰ ‘ভোট বেংকৰ ৰাজনীতি’ৰ কথা কোৱাৰ পাছতো ভাৰতৰ ধৰ্মীয় সহনশীলতা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে কেনেদৰে জড়িত সেই সম্পৰ্কে তেওঁ কোনো স্পষ্ট উত্তৰ দিব বিচৰা নাই।
জয়ছোৱালৰ মতে, “এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ, পক্ষপাতদুষ্ট বাতৰিৰ উৎসৰ ওপৰত ভিত্তি কৰা আৰু একপক্ষীয়। তেওঁলোকে আমাৰ সাংবিধানিক নীতি আনকি দেশৰ আইনকো পূৰ্বকল্পিত ব্যাখ্যাৰ অনুকূল কৰি তুলিছে।
কোনো কোনো ঠাইত প্ৰতিবেদনখনে আমাৰ আইনৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতীয় আদালতৰ কিছুমান ৰায়ৰ অখণ্ডতাকো প্রত্যাহ্বান জনাইছে এই প্রতিবেদনত।” উল্লেখ্য, আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কৈছিল যে ‘ভাৰতত আমি ধৰ্মান্তৰকৰণ বিৰোধী আইন, ঘৃণামূলক ভাষণ, ধৰ্মীয় স্থান আৰু সংখ্যালঘুৰ ঘৰত আক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পাইছো।’
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে তাৰ প্ৰত্যুত্তৰ দি কয়, “২০২৩ চনত ভাৰতে আনুষ্ঠানিকভাৱে আমেৰিকাৰ বিভিন্ন পৰিঘটনাৰ বিষয়ে জানিব বিচাৰিছিল। দেশখনত ঘৃণাজনিত অপৰাধ, বৰ্ণবাদ, ভাৰতীয় আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ, তেওঁলোকৰ পূজাস্থলীত আক্ৰমণ, হিংসা, আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষৰ অপব্যৱহাৰ, উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক ৰাজনৈতিক স্থান দিয়া আদি।”
আন এজন মাৰ্কিন বিষয়া কাৰ্ট কেম্পবেলে কয় যে দিল্লীয়ে খালিস্তান সমৰ্থক নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰাৰ চেষ্টা আৰু ইয়াৰ সৈতে ভাৰতৰ ‘সংযোগ’ৰ সঠিক তদন্ত কৰিব লাগে। এই বিষয়ত বিশেষ গুৰুত্ব নিদিয়াকৈ ৰণধীৰে কয়, ‘এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে। যেতিয়া সকলো তথ্য পোহৰলৈ আহিব তেতিয়া প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”