এন টি এয়ে (NTA) স্থগিত কৰা ইউ জি চি-নেট আৰু চি এছ আই আৰ-ইউ জি চি নেটৰ তাৰিখ ঘোষণা কৰিছে। উল্লেখ্য, প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ইউ জি চি নেট পৰীক্ষাৰ এদিন পিছত বাতিল কৰা হৈছিল।
![NTA new Exam Date । নেট পৰীক্ষাৰ বাবে নতুন তাৰিখ ঘোষণা এন টি এৰ 3 NTA new Exam Date ।](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240629_132228.jpg?resize=700%2C472&ssl=1)
চিবিআই তদন্তও চলি আছে। ইফালে বৈজ্ঞানিক গৱেষণা চি এছ আই আৰৰ প্ৰৱেশ পৰীক্ষাও স্থগিত ৰখা হয়। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এন টি এ) শুকুৰবাৰে নিশা উক্ত পৰীক্ষাবোৰৰ বাবে নতুন তাৰিখ ঘোষণা কৰিছে। আনকি পৰীক্ষাৰ প্ৰকাৰতো বিশেষ পৰিৱৰ্তন কৰা হৈছে।
পূৰ্বতে প্ৰাৰ্থীসকলে অ’ এম আৰ শ্বীটত পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছিল। এইবাৰ পৰীক্ষা কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চি বি টি) হ’ব। যোৱা বছৰৰ ডিচেম্বৰলৈকে নেট পৰীক্ষাও কম্পিউটাৰত লোৱা হৈছিল। কম্পিউটাৰ স্ক্ৰীণত প্ৰশ্ন আহে আৰু প্ৰতিটো প্ৰশ্নৰ চাৰিটা উত্তৰ থাকে। প্ৰাৰ্থীসকলে সঠিক উত্তৰটো বাছনি কৰিব লাগে। কিন্তু জুনৰ নেট পৰীক্ষাত সেই পদ্ধতি সলনি কৰা হয়।
অৰ্থাৎ, এন টি এয়ে পুনৰ পুৰণি পদ্ধতিলৈ ঘূৰি গৈছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ইউ জি চি ২১ জুলাইৰ পৰা ৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব। আনহাতে, স্নাতকোত্তৰ আয়ুষ প্ৰৱেশ পৰীক্ষা (এ আই এ পি জি ই টি) ৬ জুলাইত অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলক বিতং তথ্যৰ বাবে www.nta.ac.in ৱেবছাইটত চাবলৈ কোৱা হৈছে।