সফলতাৰ পুৰস্কাৰ লাভ কৰিবলৈ গৈ আছে ভাৰতীয় ক্ৰিকেট দলে (Indian cricket team)। ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ জয় (T20 World Cup win) কৰিছে। এই কাৰণে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (Board of Control for Cricket in India) দলটোৰ ক্ৰিকেটাৰ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ বাবে পুৰস্কাৰ ঘোষণা (Announcement of awards) কৰিছে। তেওঁলোকৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা (Rs 125 crore reward announced) কৰা হৈছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে টুইটাৰত এইকথা জনাই কয়, “টি-২০ বিশ্বকাপ জয়ী হোৱাৰ বাবে ভাৰতীয় দলটোক ১২৫ কোটি টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰি মই আনন্দিত। এই দলটোৱে সমগ্ৰ প্ৰতিযোগিতাত মহান প্ৰতিভা, তেওঁলোকৰ ইচ্ছাশক্তি আৰু খেলাৰ মানসিকতা দেখুৱাইছে। এই মহান সাফল্যৰ বাবে দলটোৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীক অভিনন্দন জনাইছো।”
উল্লেখযোগ্য যে বিশ্বকাপৰ ফাইনেলৰ সময়ত জয় শ্বাহ ষ্টেডিয়ামত উপস্থিত আছিল। বিশ্বকাপ জয়ৰ পিছত তেওঁ অধিনায়ক ৰোহিত শৰ্মাক বিশ্বকাপৰ ট্ৰফী হস্তান্তৰ কৰে। তেওঁ খেলপথাৰত ক্ৰিকেটাৰসকলৰ সৈতে উল্লাস কৰে। তেওঁক বিৰাট, ৰোহিত, হাৰ্দিক পাণ্ডিয়া আৰু প্ৰশিক্ষক দ্ৰাবিড়ৰ সৈতে দীৰ্ঘ সময় কথা পাতি থকাও দেখা যায়। পিছত তেওঁ ড্ৰেছিং ৰুমলৈ গৈ সূৰ্যকুমাৰ যাদৱক মেচখনৰ সৰ্বশ্ৰেষ্ঠ কেচৰ পুৰস্কাৰো প্ৰদান কৰে।
উল্লেখযোগ্য যে ৰোহিতৰ দলে বিশ্বকাপ জয়ী হোৱাৰ বাবে পুৰস্কাৰ হিচাপে ২৪ লাখ ৫০ হাজাৰ ডলাৰ লাভ কৰিছে। ভাৰতীয় মুদ্ৰাৰ পৰিমাণ হৈছে ২০ কোটি ৩৬ লাখ টকা। অৰ্থাৎ এটা দলে আই পি এলত জয়ী হলে যিমান পুৰষ্কাৰ লাভ কৰে, ৰোহিতৰ দলে সেই ধনতকৈ অধিক ধন লাভ কৰিছে। এইবাৰ বিচিচিআয়ে তেওঁলোকৰ বাবে অতিৰিক্ত পুৰস্কাৰ ঘোষণা কৰিলে।