বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত (Assam Flood) ৰাজ্যৰ ১৪ খন জিলাৰ প্ৰায় ডেৰ লাখ লোক। আনহাতে, বিগত প্ৰায় তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰায়বোৰ নদীৰে জলপৃষ্ঠ বৃদ্ধি পোৱাত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে।
![Assam flood I ৰাজ্যৰ ১৪ জিলাৰ লক্ষাধিক লোক বানৰ কবলত 3 Assam flood I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/05/Flood-2.jpg?resize=1080%2C720&ssl=1)
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপৰি নদী দুখনৰ বিভিন্ন উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। যাৰ বাবে ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত পৰিছে। ইফালে বাঢ়নী পানীয়ে খহনীয়াৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন ঠাইৰ মথাউৰিৰ বাবে ভাবুকি সৃষ্টি কৰিছে।
ইফালে কামপুৰত কপিলী নৈৰ জলস্তৰ বৃদ্ধিয়ে বিপদ মাতিছে বিস্তীৰ্ণ অঞ্চললৈ। যাৰ বাবে জিলা প্রশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ শেহতীয়া তথ্য মতে এইবাৰৰ বানত ১৪খন জিলাৰ ৩০৯ খন গাঁৱৰ ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে।
বানত আটাইতকৈ ক্ষতিগ্ৰস্ত জিলাকেইখন হৈছে তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী আৰু গোৱালপাৰা। ইয়াৰে ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা।