
ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে শোচনীয় (State flood situation is pathetic) হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি প্ৰায়বোৰ উপনৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আহিছে। যাৰ ফলত বান পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ শেহতীয়া তথ্য মতে, বৰ্তমান ৰাজ্যৰ ১৫ খন জিলা বানৰ কবলত (15 districts are in the grip of floods)। এই জিলাকেইখনৰ ৪৭০ খন গাঁও বানৰ পানীয়ে বুৰাই পেলাইছে।

আনহাতে, বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ১.৬১ লাখ লোক (Around 1.61 lakh people have been affected)৷ আটাইতকৈ শোচনীয় পৰিস্থিতি হৈছে কৰিমগঞ্জ জিলাত (Worst-case scenario in Karimganj district)। ইফালে মঙলবাৰে হাইলাকান্দিত এজন লোকৰ মৃত্যুকে ধৰি চলিত বানত বৰ্তমানলৈকে ২৬ গৰাকী লোকৰ মৃত্যু হৈছে।
বৰ্তমান বানত আক্রান্ত জিলাকেইখন হৈছে তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা আৰু বিশ্বনাথ ৷ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা। কৰিমগঞ্জৰ ২১০ খন গাঁও বানৰ কবলত। ইফালে এইবাৰৰ বানত এই পৰ্যন্ত ৩,৯,৯০৬ টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি ৬০ হেক্টৰ কৃষিভূমি বানৰ কবলত। বৰ্তমানলৈকে ৩,৯৮২ টা আশ্ৰয় শিবিৰত বানপীড়িতসকলে আশ্ৰয় গ্ৰহণ কৰি আছে।













