
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ (Nimisha Thakuria) ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নতুন নতুন তথ্য পোহৰলৈ আহিছে। ঘটনাৰ সৈতে জড়িত গড়লস্থিত Rudra’s Kitchen নামৰ হোমষ্টেটো অতি শীঘ্ৰে ছীল কৰা হ’ব বুলি পশ্চিম গুৱাহাটীৰ DCP বলিন দেউৰীয়ে জানিবলৈ দিছে। DCPগৰাকীৰ মতে, নিমিষা আৰু তেওঁৰ প্ৰেমিক আশিক পূৰ্বেও প্ৰায় পাঁচবাৰ হোমষ্টেটোলৈ আহিছিল। হোমষ্টেটোত অতিথিৰ পৰিচয়-পত্ৰ পৰীক্ষা আৰু নথিভুক্তকৰণৰ ক্ষেত্ৰত আৰক্ষীয়ে বিসংগতি ধৰা পেলাইছে। কলকাতাৰ ব্যৱসায়ী জয়ন্ত চাকীয়ে হোমষ্টেটো ভাড়াত লৈ চলাই আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মহানগৰীত নিয়ম উলংঘা কৰি বা অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ থকা আন হোমষ্টেসমূহৰ বিষয়েও আৰক্ষীয়ে এখন বৈঠক অনুষ্ঠিত কৰিব। তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধেও শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি DCP বলিন দেউৰীয়ে উল্লেখ কৰে।

ইফালে, মৃত্যুৰ পূৰ্বৰ নিমিষাৰ এটা CCTV দৃশ্যও পোহৰলৈ আহিছে। দৃশ্যটোত নিমিষাক ভনীয়েকৰ সৈতে এখন দোকানৰ পৰা চিপছ, কেক, চকলেট আৰু শীতল পানীয় ক্ৰয় কৰা দেখা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত নিমিষাৰ নিথৰ দেহ GMCHৰ পৰা ধাৰাপুৰস্থিত বাসগৃহলৈ লৈ যোৱা হয়। তেওঁৰ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। কন্যাৰ নিথৰ দেহ কান্ধত লৈ শোকস্তব্ধ পিতৃয়ে নিমিষাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কন্যাৰ শৰীৰত অসংখ্য আঘাতৰ চিন প্ৰত্যক্ষ কৰা বুলি দাবী কৰি তেওঁ কয় যে এয়া এজন ব্যক্তিৰ কাম হ’ব নোৱাৰে। ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিৰ দৃষ্টান্তমূলক শাস্তিও তেওঁ দাবী কৰে।

উল্লেখযোগ্য যে পিতৃৰ এই অভিযোগ এতিয়াও আৰক্ষীৰ তদন্ত বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰাৰ পাছতহে নিমিষাৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত স্পষ্ট তথ্য পোহৰলৈ আহিব।
ঘটনাৰ মূল অভিযুক্ত আচিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাটোত আন কোনো ব্যক্তি জড়িত আছিল নেকি, সেই দিশটোও আৰক্ষীয়ে তদন্ত কৰি আছে।













