২০২২ চনত খড়গপুৰ আই আই টিত অধ্যয়নৰত ছাত্ৰ তিনিচুকীয়াৰ ফাইজান আহমেদৰ (Faijan Ahmed) মৃত্যু ৰহস্য এতিয়াও মাৰ যোৱা নাই। প্ৰথমতে এই মেধাৱী ছাত্ৰজনে আত্মহত্যা কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় আৰক্ষীয়ে জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত ছাত্ৰজনৰ পৰিয়ালে এই সন্দৰ্ভত সন্তুষ্ট হ’ব নোৱাৰি পুনৰ আদালতৰ কাষ চাপে।
![IIT student Faijan Ahmed case I খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যু ৰহস্য, মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ 3 IIT student Faijan Ahmed case I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240618_123342.jpg?resize=948%2C532&ssl=1)
ফলত কবৰৰ পৰা ছাত্ৰজনৰ মৃতদেহ খান্দি উলিয়াই নি পুনৰ পোষ্টমৰ্টেম আৰু ফৰেনচিক পৰীক্ষা কৰে। এই প্ৰতিবেদনত ওলাই পৰে বহুকেইটা চাঞ্চল্যকৰ তথ্য। তাৰে ভিত্তিত এতিয়া ছাত্ৰজনৰ মৃত্যুৱে অন্য এক মোৰ লৈছে। ইফালে ছাত্ৰজনৰ পৰিয়ালে এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে। লগতে মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰে।
তাৰেই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ বংগৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি ঘটনাটোৰ চি বি আই তদন্তৰ বাবে অনুৰোধ কৰিছে। সংবাদ মাধ্যমলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে। উল্লেখযোগ্য যে খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ শিক্ষানুষ্ঠানখনৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছিল।
উল্লেখযোগ্য যে ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ তদন্তৰ বাবে ২০২২ চনৰ ২০ অক্টোবৰতো মুখ্যমন্ত্ৰীয়ে মমতা বেনাৰ্জীক এক পত্রযোগে অনুৰোধ জনাইছিল। উল্লেখ্য, উল্লেখ ফাইজান আহমেদক ২০২২ চনৰ ১৪ অক্টোবৰত ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আই আই টি কর্তৃপক্ষই এয়া এক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিছিল৷