বোকাখাত (Bokakhat) মহকুমা চুতীয়া ছাত্ৰ সন্থা (Chutia Students’ Union)ৰ উদ্যোগত ২০২৪ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বোকাখাত মহকুমাৰ চুতীয়া জনগোষ্ঠীৰ ৯০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীসকলক আজি অভিনন্দন (Congratulations to the achieving students) জনোৱা হয়। বোকাখাত সাধনী ভৱনত অনুষ্ঠিত অনুষ্ঠানত শতাধিক ছাত্ৰ ছাত্ৰীক একোখনিকৈ সতী সাধনীৰ ছবি, গামোচা, অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ উপহাৰেৰে সংগঠনটোৰ তৰফৰ পৰা অভিনন্দন জনায়। এই উদ্দেশ্যে পুৱা বোকাখাতস্থ বীৰাঙ্গণা সাধনীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা প্ৰদীপ বৰাই। স্মৃতি তৰ্পণ কৰে বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক অসীম বৰাই।
বোকাখাত মহকুমাৰ চুতীয়া জাতি ছাত্ৰ সন্থাৰ সভাপতি মন্টু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান। উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লাচিত কাকতিয়ে। সভাৰ উদ্বোধন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু শইকীয়াই। সভাত জ্ঞাত অজ্ঞাত প্ৰয়াতজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য প্ৰদান কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক গোপিকানন্দ শইকীয়াই।
উল্লেখ্য যে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাত মহকুমাৰ চুতীয়া জনগোষ্ঠীৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক বোকাখাতৰ জ্ঞানমাৰ্গ একাডেমীৰ পৰা অৱতীৰ্ণ হোৱা নুমলীগড়ৰ আস্থা মেধীক “অন্নদা শইকীয়া শৈক্ষিক বঁটা” আৰু ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰাগজ্যোতি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নীলাদ্ৰী শইকীয়াক “প্ৰমীলা বৰুৱা সোঁৱৰণি বঁটা” প্ৰদান কৰা হয়।
সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সমাজকৰ্মীদ্বয় দেৱপ্ৰদীপ বৰা আৰু আকাশ ফুকন, অধিবক্তা জগত কলিতা, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তৰ লগতে অতুল হাজৰিকা, দিলীপ বৰা, সঞ্জীৱ শইকীয়া, ৰুদ্ৰ ছেত্ৰী, বিজয় কানু আৰু ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
শেষত শলাগৰ শৰাই আগবঢ়ায় বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰিকি শইকীয়াই। অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক মণ্টু শইকীয়া আৰু লাচিত কাকতিয়ে।