ভাৰত চৰকাৰৰ অধীনত উৱেভাৰ্চ ট্ৰেনিং এণ্ড প্ৰডাকচন চেন্টাৰৰ (Weavers Training and Production Centre) এটি কেন্দ্ৰ আজি বোকাখাত (Bokakhat)ৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ নতুন খতিয়াখলি গাঁৱত মুকলি কৰা হৈছে। নেচনেল ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফট ডিপাৰ্টমেন্টৰ দ্বাৰা স্থাপন কৰিছে এই কেন্দ্ৰ। এই উপলক্ষে পুৱাৰ ভাগত স্থানীয় ৰাইজৰ উপস্থিতিত সম্পন্ন হয় মাংগলিক অনুষ্ঠান।ফিটা কাটি মূল গৃহৰ দুৱাৰ মুকলি কৰে সঞ্চালক অনুৰাগ গগৈয়ে।ইয়াৰ পাছতে প্ৰজেক্ট ক’অৰ্ডিনেটৰ মতলিভ আহমেদে আঁত ধৰা সভাত সঞ্চালক অনুৰাগ গগৈয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষণ, উৎপাদন,ভৱিষ্যত সম্ভাৱনা, এইক্ষেত্ৰত প্ৰয়োজনীয় মহিলা সকলৰ একাগ্ৰতাৰ বিষয়ে বুজাই দিয়ে। সঞ্চালকগৰাকীয়ে অসমৰ প্ৰতিখন গাঁৱতে ভৱিষ্যতে এনে কেন্দ্ৰ হ’ব বুলি জানিবলৈ দি কয় যে অসমত বৰ্তমান ২৬ টা কেন্দ্ৰত প্ৰশিক্ষণ চলি আছে।
৬০টা কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে।বোকাখাতত হ’ব ৬টা কেন্দ্ৰ। বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই নিজৰ বক্তব্যত গাঁৱৰ মহিলা সকললৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সুবিধাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ভাৰত চৰকাৰে মহিলাসকলক সবলীকৰণৰ দিশত লোৱা এনে পদক্ষেপৰ দ্বাৰা মহিলাসকল উপকৃত হ’ব বুলিও কয়।অনুষ্ঠানত কাৰ্যালয় সহায়ক মুনু পাটগিৰি, গ্ৰাফিক ডিজাইনাৰ চৈতন দেৱ শইকীয়া, প্ৰশিক্ষণ গৃহ নিৰ্মাতা দিগন্ত শইকীয়া,মুখ্য প্ৰশিক্ষকদ্বয় ভৱানন্দ নাথ আৰু ভাৰত দাস, অনিল দাস, যুগল দাসৰ লগতে অন্যান্য ভালে কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।