ব্ৰহ্মপুত্ৰক দ্বিতীয় জলপথ (Second Waterway to Brahmaputra) বুলি ঘোষণা কৰাৰ পিছতো কাজিৰঙা উদ্যান (Kaziranga Park) কতৃপক্ষৰ সিদ্ধান্তৰ বাবেই ব্ৰহ্মপুত্ৰ নদীক প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ যোৱা ১ জুনত ডিব্ৰুগড়ৰ বগীবিল ঘাটৰ পৰা গুৱাহাটীলৈ লগৰ তিনি সতীৰ্থক লৈ যাত্ৰা আৰম্ভ কৰা ধীৰাজ বিকাশ গগৈৰ বিশেষ প্লাষ্টিক নাৱৰ যাত্ৰা স্থবিৰ হৈ পৰিল বোকাখাতৰ ঐতিহাসিক কাজিৰঙাৰ প্ৰবেশ দ্বাৰত ব্ৰহ্মপুত্ৰ নদীত ৷
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষৰ বাধাৰ বাবেই বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ধীৰাজ বিকাশ গগৈৰ ১৩ দিনীয়া ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰাত যতি পৰিছে ৷ কোনো কাৰণ নদৰ্শোৱাকৈ কাজিৰঙা উদ্যান কতৃপক্ষৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰ নদীত নাৱেৰে কৰ্তব্য সম্পাদন কৰা বনকৰ্মীয়ে ধীৰাজ বিকাশ গগৈৰ নৌকা যাত্ৰাক বাধা দিয়ে ৷ ব্ৰহ্মপুত্ৰ নদীৰে প্লাষ্টিক নাৱেৰে যাত্ৰা কৰি আহি পঞ্চম দিনা বিয়লি কাজিৰঙাৰ মাজেৰে যোৱা ব্ৰহ্মপুত্ৰৰে কাজিৰঙাত প্ৰবেশৰ সময়তে কাজিৰঙাৰ বনকৰ্মীৰ বাধাৰ সন্মুখীন হয় ৷ বাধা প্ৰদান কৰা বনকৰ্মীৰ পৰা ধীৰাজে জানিব বিচৰাত বনকৰ্মীৰ ভাষ্য, ওপৰৰ নিৰ্দেশতহে হেনো আপোনাৰ যাত্ৰাত বাধা প্ৰদান কৰা হৈছে ৷ ইয়াৰ পিছতে ধীৰাজে কাজিৰঙা ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষৰ সৈতে যোগাযোগ কৰাত প্ৰশাসনিক অনুমতি নথকাৰ বাবেই ব্ৰহ্মপুত্ৰ নদীৰে কাজিৰঙাৰ মাজেৰে যোৱাত বাধা আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
লগতে সেই স্থানৰ পৰা উভতি যাবলৈহে ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে ধীৰাজক নিৰ্দেশ দিয়ে ৷ নহ’লে ধনশিৰি নদীৰ পৰা নাও উঠাই শিলঘাটৰ পৰা পুনৰ যাত্ৰা কৰিব পাৰে বুলিও ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে পৰামৰ্শ দিয়ে ৷ উপায়ন্তৰ হৈ ধীৰাজে প্ৰায় ১০ কিলোমিটাৰ উজাই আহি বোকাখাতৰ ঐতিহাসিক ধনশিৰিমুখ ঘাটত নৌকাৰ লংগৰ পেলায় ৷ ধীৰাজৰ প্ৰশ্ন দ্বিতীয় জলপথ হিচাবে ঘোষণা কৰা ব্ৰহ্মপুত্ৰত যদি ডাঙৰ ডাঙৰ জাহাজ ব্ৰহ্মপুত্ৰ নদীৰে কাজিৰঙাৰ মাজেৰে নামনিৰ পৰা উজনিলৈ আহিব পাৰে, তেন্তে আমাৰ দৰে যুৱকে থলুৱাভাৱে নিৰ্মাণ কৰা প্লাষ্টিক নাও কাজিৰঙাৰ মাজেৰে যোৱাত বাধা ক’ত। ব্ৰহ্মপুত্ৰক দ্বিতীয় জলপথ হিচাবে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৰা প্ৰচেষ্টাক কাজিৰঙা উদ্যান কতৃপক্ষই উলংঘা কৰা বুলি ধীৰাজে মন্তব্য কৰে ৷ কাজিৰঙা কতৃপক্ষৰ এনে সিদ্ধান্তক ধীৰাজে ধিক্কাৰ দিয়ে ৷
ইফালে এই খবৰ জানিব পাৰি কাজিৰঙা টুৰিষ্ট গাইড এচ’চিয়েচন আৰু সদৌ অসম টুৰিষ্ট গাইড এচ’চিয়েচনে ধীৰাজক সহযোগিতাৰ বাবে আগবাঢ়ি আহিল ৷ এখন ট্ৰাক ভাড়া কৰি ধনশিৰিমুখৰ ধনশিৰি নদীৰ পৰা প্লাষ্টিক নাওখন ট্ৰাকত উঠাই শিলঘাটলৈ যাত্ৰা আৰম্ভ কৰে৷ কাইলৈ শিলঘাটত পুনৰ ব্ৰহ্মপুত্ৰ নদীত নাওখন নমাই পুনৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব ধীৰাজ বিকাশ গগৈয়ে ৷ ধনশিৰিমুখত প্লাষ্টিক নাও ৰখোৱা বুলি জানি স্থানীয় ৰাইজে নাওখন চাবলৈ ভীৰ কৰে ৷ বান অধ্যুষিত ধনশিৰিমুখৰ স্থানীয় ৰাইজৰ মন্তব্য, প্লাষ্টিক বটলৰ এই নাৱে বাৰিষাৰ সময়ত বানাক্ৰান্ত ৰাইজক উপকৃত কৰিব বুলি মন্তব্য কৰে ৷