সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election)। প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে মনোনয়ন দাখিল পৰ্ব সমাপ্ত হৈছে। অসমৰ পাঁচটা লোকসভা সমষ্টিত (1st Phase Five Lok Sabha constituencies of Assam) অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।
ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য তুংগত উঠিছে। শাসক-বিৰোধী উভয়ে নিজ নিজ প্ৰাৰ্থীৰ বাবে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে।
শেহতীয়াভাৱে ৰাষ্ট্ৰীয় ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। বিগত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অৱতীৰ্ণ হৈছে। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত লোকসভা নিৰ্বাচনৰো প্ৰচাৰৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছে বিজেপি নেতৃত্বই। একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা বিজেপিয়ে বিভিন্ন ৰাজ্যৰ প্ৰচাৰ অভিযানৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ ( LIST OF BJP’S STAR CAMPAIGNERS RELEASED) কৰিছে। এই তালিকা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (Chief Minister Himanta Biswa Sarma) পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত প্ৰচাৰৰ দায়িত্ব (Campaigning in West Bengal and Madhya Pradesh) দিয়া হৈছে।
আনহাতে, ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ তেওঁ অসমৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাব (Campaigning will be held in every constituency of Assam)।
এই সন্দৰ্ভত বিজেপি কাৰ্যালয়ে মুখ্যমন্ত্রীৰ প্ৰচাৰ অভিযানৰ সময়সূচী (Schedule of Chief Minister’s campaign) প্ৰকাশ কৰিছে।
প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ক’ত কেতিয়া প্ৰচাৰ চলাব চাওঁ আহক :
- ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ১৬ দিনত মুখ্যমন্ত্রীয়ে ৩০ খন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব।
- ২ এপ্ৰিলত ডিফুত আৰু ৩ এপ্ৰিলত শিলচৰ আৰু কৰিমগঞ্জত দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিলত উপস্থিত থাকিব।
- ৬ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ লখিমপুৰ আৰু হোজাইৰ প্ৰচাৰ অভিযানত উপস্থিত থাকিব মুখ্যমন্ত্রী।
- ১ এপ্ৰিলত মুখ্যমন্ত্রীৰ মাজুলীত চাইকেল ৰেলী।
- ২ এপ্ৰিলত ডিফুত দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিলত অংশগ্ৰহণ আৰু সৰুপথাৰত ৰাজহুৱা সভা সম্বোধন।
- ৩ এপ্ৰিলত শিলচৰ আৰু কৰিমগঞ্জত দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিলত উপস্থিত থাকিব।
- ৪ এপ্ৰিলত ঢেকিয়াজুলী, গহপুৰ আৰু বিহপুৰীয়াত ৰাজহুৱা সভা
- ৫ এপ্ৰিলত ডিগবৈ, মাকুম আৰু টিংখাঙত নিৰ্বাচনী সভা।
- ৬ এপ্ৰিলত অমিত শ্বাহৰ লখিমপুৰ আৰু হোজাইৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী।
- ৭ এপ্ৰিলত তিতাবৰ, মৰিয়নি আৰু নাজিৰাত ৰাজহুৱা সভা।
- ৮ এপ্ৰিলত নাহৰকটীয়া, দুলিয়াজান আৰু চাবুৱাত ৰাজহুৱা সভা।
- ৯ এপ্ৰিলত কাকপথাৰ, খোৱাং আৰু ঢকুৱাখানাত ৰাজহুৱা সভা।
- ১০ এপ্ৰিলত মাহমৰা, ডিমৌ, আমগুৰি আৰু টিয়কত নিৰ্বাচনী প্ৰচাৰ সভা।
- ১১ এপ্ৰিলত মাৰ্ঘেৰিটা, দেৰগাঁও আৰু বোকাখাতত তিনিখনকৈ সভা।
- ১২ এপ্ৰিলত লামডিঙৰ কাকি, বিশ্বনাথ চাৰিআলি আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ সভা।
- ১৩ এপ্ৰিলত ৰঙানদী, ৰঙাপাৰা আৰু সোণাৰিত ৰাজহুৱা সভা।
- ১৪ এপ্ৰিলত জিৰণি।
- ১৫ এপ্ৰিলত লামডিং আৰু বিন্নাকান্দিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে ৰাজ্যত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটা হৈছে ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট।