অহা ১৯ এপ্ৰিলৰ পৰা দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন (Loksabha Election)। ১৯ এপ্ৰিলত দেশৰ ২১ খন ৰাজ্যৰ লগতে অসমৰো পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ইতিমধ্যে ইয়াৰ বাবে মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে।
আনহাতে, অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। তাৰ পূৰ্বে আজি নলবাৰীত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিদ্যাঞ্চলৰ বিশাল ভূমিত অনুষ্ঠিত হয় বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ এই নিৰ্বাচনী প্ৰচাৰ সভা।
এই জনসভাত প্ৰধানমন্ত্ৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
ইয়াৰ উপৰি তেওঁ দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈয়ো প্ৰচাৰ চলায়। আজিৰ প্ৰধানমন্ত্ৰীৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত এই তিনিওটা লোকসভা সমষ্টিৰ পৰা লক্ষাধিক লোকে অংশগ্ৰহণ কৰে।