২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিৰ (UPSC 2023) পৰীক্ষাত উজলিল কেইবাগৰাকীও অসম সন্তান। শেহতীয়াভাৱে আমাৰ হাতত পৰা তথ্য অনুযায়ী সাতগৰাকী অসম সন্তানে এইবাৰ ইউ পি এছ চিত সফলতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এইবাৰ মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ নিজৰ তৃতীয় প্ৰয়াসত আই আই টি কানপুৰৰ স্নাতক আদিত্য শ্ৰীবাস্তৱে শীৰ্ষস্থান দখল কৰিছে৷
আনহাতে, আমাৰ হাতত পৰা তথ্য অনুযায়ী অসমৰ পৰা উত্তীৰ্ণসকল হৈছে :
অভিজ্ঞান হাজৰিকা – ১৭২ সংখ্যক স্থান
ৰিকি লহকৰ প্ৰধান – 230 সংখ্যক স্থান
ঈশ্বৰী ডেকা (তেজপুৰ) – ৩২০ সংখ্যক স্থান
ঋতুৰাজ শৰ্মা (পছৰীয়া কামৰূপ)- ৪৬২ সংখ্যক স্থান
ভাস্বত শইকীয়া (নগাঁও) – ৫৫২ সংখ্যক স্থান
আজমল হুছেইন (বৰপেটা ৰোড) – ১০১৩ সংখ্যক স্থান
কল্লোল হাজৰিকা (গোগামুখ) – ৯৯২ সংখ্যক স্থান
উল্লেখ্য যে এইবাৰ ইউ পি এছ চিত নিৰ্বাচিত ১০১৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৪৭ গৰাকী সাধাৰণ, ১১৫ গৰাকী অৰ্থনৈতিকভাৱে পিছপৰা, ৮৬ গৰাকী এছটি, ১৬৫ গৰাকী এছচি আৰু ৩০৩ গৰাকী অ’বিচি শ্ৰেণীৰ৷