সম্পত্তিৰ বিবাদৰ বাবেই পুত্ৰই পিতৃক হত্যা (Son kills father) কৰাৰ অভিযোগ উত্থাপন হৈছে। নৰপিশাচ পুত্ৰই যধেমধে বৃদ্ধ পিতৃৰ মুখত ঘোচা মৰাৰ ফলত সংজ্ঞা হেৰুৱাই পেলায়। পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ছচিয়েল মিডিয়াত (Video of the incident on social media) বিয়পি পৰিছে। আনহাতে, পুত্ৰৰ এই নিষ্ঠুৰতাত স্তম্ভিত হৈ পৰিছে নেটিজেনসকল।
⚠️Disturbing Visual
Man beats to death his father over property dispute….
Where are we heading as a society and humans ?? pic.twitter.com/QsnK4OwHxQ
— Amitabh Chaudhary (@MithilaWaala) April 28, 2024
তামিলনাডুৰ পেৰামবালুৰত সংঘটিত হৈছে এই ঘটনা (Incident in Tamil Nadu’s Perambalur)। মৃতকৰ নাম কুলন্ধাইভেলু (৬৫)। ১৮ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। অভিযোগ অনুসৰি, বৃদ্ধজনৰ পুত্ৰ সন্তোষে তেওঁক বেয়াকৈ মাৰপিট কৰে। পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰহাৰৰ কেইদিনমান পিছতে চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।
ভাইৰেল ভিডিঅ’টোত বৃদ্ধজনক বেঞ্চত বহি থকা দেখা গৈছে। সন্মুখত থিয় হৈ পুত্ৰই বৃদ্ধৰ মুখত ঘোচা মাৰিছে। মাৰ খাই পৰি যোৱাৰ পিছতো পুত্ৰই ৰেহাই দিয়া নাই। প্ৰহাৰৰ ফলত বৃদ্ধৰ নাক আৰু মুখৰ পৰা তেজ ওলাবলৈ ধৰে। তেওঁ বেঞ্চখনত এফালে পৰি যায়। ইয়াৰ পিছত যুৱকজনে উভতি আহি পুনৰ ঘোচা মাৰিবলৈ ধৰে।
আনহাতে, বৃদ্ধজনক মাৰপিট কৰা দেখাৰ পিছত পৰিয়ালৰ লোক দৌৰি আহে। পিছত যুৱকজনক আঁতৰাই লৈ যোৱা হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে অসুস্থ, আহত বৃদ্ধজনক মাতিবলৈ ধৰে যদিও তেওঁ কোনো সঁহাৰি নিদিলে। তেওঁ অচেতন হৈ পৰে।
এই ঘটনাত পৰিয়ালটোৰ হৈ প্ৰথমে আৰক্ষীত এজাহাৰ দাখিল কৰা হয় যদিও পিছত প্ৰত্যাহাৰ কৰা হয়। কিন্তু চিকিৎসালয়ত বৃদ্ধজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে পুনৰ যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যুৱক-যুৱতীসকলৰ এই নিষ্ঠুৰতাক লৈ স্তম্ভিত হৈ পৰিছে বহু লোক। এই আচৰণৰ প্ৰতিবাদ জনাইছে সকলোৱে। আনহাতে, পৰিয়ালৰ সদস্যৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰি এই ঘটনা দেখি একাংশই মানুহৰ মাজত মানৱীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।