দিল্লী আহমেদাবাদ, জয়পুৰ, বাংগালুৰুৰ পিছত এইবাৰ কানপুৰ (Kanpur)। বুধবাৰে উত্তৰ প্ৰদেশৰ কানপুৰৰ ১০খন বিদ্যালয়ত (In 10 schools in Kanpur) বোমা বিস্ফোৰণৰ ভাবুকি (Bomb blast threat)ৰে ইমেইল পোৱাৰ খবৰ পোৱা গৈছে। সকলো ইমেইলৰে বিষয়বস্তু প্ৰায় একে। কানপুৰৰ এই বিদ্যালয়সমূহে তাত বোমা বিস্ফোৰণ কৰা হ’ব বুলি ইমেইল লাভ কৰে। ইফালে ইমেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাত স্কুলসমূহত আতংকৰ সৃষ্টি হয়। জানিব পৰা মতে, ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা যাবলৈ দিয়া হয় ।
উল্লেখ্য যে বিগত কিছু দিনত দেশৰ বিভিন্ন বিদ্যালয়ত বোমাাতংকৰ সৃষ্টি হৈছে। কেতিয়াবা ইমেইলযোগে বা কেতিয়াবা ফোনযোগে এই ভাবুকি দিয়া হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে কানপুৰৰ কেইবাখনো বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকিমূলক ইমেইল প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু বোমা স্কোৱাড। কিন্তু এতিয়ালৈকে সন্দেহজনক একো পোৱা হোৱা নাই।
এই সন্দৰ্ভত কানপুৰৰ যুটীয়া আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) হৰিশ চন্দৰে কয় যে চাইবাৰ কোষে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তেওঁ কয়, “কানপুৰ আৰক্ষীয়ে বিভিন্ন বিদ্যালয়লৈ বোমাৰ ভাবুকি দিয়াৰ তথ্য লাভ কৰিছে। আমি বিদ্যালয়সমূহৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছো।” শেহতীয়াকৈ বিদ্যালয়, চিকিৎসালয় আৰু তিহাৰ কাৰাগাৰত বোমা বিস্ফোৰণৰ ইমেইলযোগে ভাবুকি দিয়াৰ বাবে দেশত আলোড়নৰ সৃষ্টি হৈছে। উক্ত ইমেইল আৰু কানপুৰ কাণ্ডৰ মাজত কিবা সাদৃশ্য আছে নেকি সেয়াও চোৱাচিতা কৰা হৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে ভাবুকি মেইলৰ সৈতে ৰাছিয়া জড়িত হ’ব পাৰে। কিন্তু নিশ্চিতভাৱে এতিয়ালৈকে আৰক্ষীয়ে একো কোৱা নাই।
উল্লেখ্যযোগ্য যে যোৱা ১ মে’ত দিল্লী আৰু এনচিআৰৰ প্ৰায় ১০০খন বিদ্যালয়লৈ ভাবুকিমূলক ইমেইল প্ৰেৰণ কৰা হৈছিল। তাৰে মাত্ৰ পাঁচ দিনৰ পাছতেই গুজৰাটৰ আহমেদাবাদৰ সাতখন বিদ্যালয়লৈও একেধৰণৰ ভাবুকিপূৰ্ণ মেইল প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰি যোৱা ১২ মে’ত দিল্লী বিমানবন্দৰত অজ্ঞাত ঠিকনাৰ পৰা এটা ভাবুকিপূৰ্ণ ইমেইল আহে। উক্ত মেইলত কোৱা হয় যে বিমানবন্দৰত বোমা আছে। একেদিনাই ৰাজধানীৰ দুখন চৰকাৰী চিকিৎসালয়লৈও ভাবুকিমূলক মেইল প্ৰেৰণ কৰা হয়। তাৰ ৪৮ ঘণ্টাৰ ভিতৰতে তিহাৰ কাৰাগাৰতো বোমাতংক বিয়পি পৰে। ইয়াৰ পিছত বুধবাৰে কানপুৰৰ বিদ্যালয়সমূহেও লাভ কৰে ভাবুকিপূৰ্ণ ইমেইল।