অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচন (Lok sabha Election)ৰ ইতিমধ্যে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ গৈছে। তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৭ মে’ত এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাৰ ভিতৰত অন্যতম হৈছে গুৱাহাটী লোকসভা সমষ্টি (Guwahati Lok Sabha constituency)। এইবাৰ গুৱাহাটী লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজুলী কলিতা মেধি (Bijuli Kalita Medhi)ক।
বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ (Election campaign in Guwahati) চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah)। এক বিশাল ৰোড শ্ব’ৰে অমিত শ্বাহে বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈকে প্ৰায় দুই কিলোমিটাৰজুৰি অনুষ্ঠিত হয় এই মেগা ৰোড শ্ব’৷ আনহাতে, অমিত শ্বাহৰ ৰোড শ্ব’ৰ সময়ত পথৰ দুয়োকাষে ব্যাপক জনসমাগমৰ সৃষ্টি হয়৷
অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে অমিত শ্বাহে সোমবাৰে বিয়লি এখন বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে৷ বিমানবন্দৰত সৰ্বানন্দ সোণোৱাল, ভৱেশ কলিতা তথা বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে তেওঁক আদৰি জনায় ৷ বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ আহে আৰু তাত কিছু সময় জিৰণি লৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে৷ আনহাতে, নিশাটো তেওঁ কইনাধৰাত কটাব।