
দেশৰ ২১ খন ৰাজ্যত অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন (Loksabha Election)। সমান্তৰালভাৱে অসমৰো পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ।কিন্তু এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰতিকূল বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনাৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা অনুসৰি, আগন্তুক ৪ দিনত অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। উল্লেখ্য যে অহা ১৯ এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ কিন্তু সেইদিনা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইয়াৰ উপৰিও আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু স্থানত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। লগতে ১৮ আৰু ১৯ এপ্ৰিলত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু অংশত আৰু ২০ এপ্ৰিলত অসম-মেঘালয়ৰ কিছু অংশত ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে।













