
দিল্লীৰ পীতামপুৰাত দশেৰা উদযাপনৰ (Dussehra Celebration) সময়ত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ কাষত এটা বিশাল পঁইতাচোৰাৰ প্ৰতিমূৰ্তি জ্বলোৱাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে, ককৰোচ জনতা পাৰ্টী (CJP)ৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে ইয়াৰ দ্বাৰা চিজেপিৰ বিনামূলীয়া প্ৰচাৰৰ বাবে আয়োজকসকলক ধন্যবাদ জনাই তীৰ্যক বাৰ্তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
পৰম্পৰাগত দশেৰা অনুষ্ঠানত এই অস্বাভাৱিক সংযোজনক লৈ হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীপকেয়ে টুইট কৰি কয়, “বিনামূলীয়া প্ৰচাৰৰ বাবে ধন্যবাদ।”

দীপকেয়ে শ্বাহৰুখ খানৰ ছবি স্বদেশৰ এটা দৃশ্যও শ্বেয়াৰ কৰে, য’ত অভিনেতাজনে ৰূপায়ণ কৰা চৰিত্ৰ মোহন ভাৰ্গৱে কয়, “মন সে ৰাৱণ জো নিকালে, ৰাম উস্কে মন ম্যে হায় (অৰ্থাৎ যিজনে ৰাৱণক মনৰ পৰা আঁতৰাই দিয়ে তেওঁৰ ভিতৰত ৰাম থাকে)।”
সংলাপটোৱে উৎসৱটোৰ পৰম্পৰাগত বাৰ্তাৰ আধাৰত বেয়াৰ ওপৰত ভালৰ জয়লাভক প্ৰতিনিধিত্ব কৰে।
উল্লেখ্য যে মঙলবাৰে সন্ধিয়া পিতামপুৰাৰ নেতাজী সুভাষ প্লেচত শ্ৰী কেশৱ ৰামলীলা সমিতিৰ অনুষ্ঠানত পঁইতাচোৰাৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। ভোটাৰ তালিকা, নিবনুৱা সমস্যা আৰু শাসন ব্যৱস্থাক লৈ চিজেপিয়ে চলাই থকা প্ৰতিবাদৰ মাজতে এই ঘটনাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।












