শনিবাৰে ঘোষণা হয় ২০২৪ বৰ্ষৰ (2024 Year) হাইস্কুল শিক্ষান্ত পৰীক্ষা (High School Entrance Examination)। উল্লেখযোগ্য যে ছেবাৰ (SEBA) নিয়ন্ত্ৰণত অনুষ্ঠিত এয়া হৈছে অন্তিম মেট্ৰিক পৰীক্ষা৷
শনিবাৰে ফলাফল ঘোষণাৰ (Declaration of results) পিছত ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সচিব এন এন নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ ৪,১৯,০৭৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩,১৭,৩১৭ গৰাকী উত্তীৰ্ণ হয়৷ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ৷ আনহাতে, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৭.৩ শতাংশ আৰু ছাত্ৰীৰ ৭৪.৪ শতাংশ। তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ৷ ইয়াৰ উপৰি এইবাৰ প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱা বুলিও তেওঁলোকে কয়৷
উল্লেখ্য যে এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ বাবে কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিয়া নহয়, মাৰ্কশ্বীট খনেই হ’ব উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ৷
উল্লেখযোগ্য যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে চিৰাং জিলাই। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.২ শতাংশ। ইয়াৰ বিপৰীতে উত্তীৰ্ণৰ ক্ষেত্ৰত আটাইতকৈ শোচনীয় প্ৰদৰ্শন হৈছে ওদালগুৰি জিলাৰ। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬০.৯ শতাংশ। দ্বিতীয় স্থানত নলবাৰী (৮৮.১), তৃতীয় স্থানত ডিমা হাছাও (৮৭.১), চতুৰ্থ স্থানত বাক্সা (৮৬.৯) আৰু পঞ্চম স্থানত আছে শিৱসাগৰ জিলা (৮৫.১)।
ইয়াৰ উপৰি এইবাৰ মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়াত ৮২ গৰাকী, অসমীয়াত ৩ গৰাকী, সাধাৰণ গণিতত ৮ গৰাকী, সাধাৰণ বিজ্ঞানত ৭১ গৰাকী, সমাজ বিজ্ঞানত ১৩৩ গৰাকী আৰু ঐচ্ছিক গণিতত ১৩২৮ গৰাকী শিক্ষাৰ্থীয়ে ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে৷