
কাৰ্বি পাহাৰৰ পানীৰ ঢলে বুৰালে কলিয়াবৰৰ বামুনীৰ ভাটাবাৰী অঞ্চল। পানীয়ে বুৰালে অৰ্ধ-শতাধিক পৰিয়ালৰ বাসগৃহ। নিশাৰে পৰা অব্যাহত নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ আহিছে পাহাৰৰ পানী। বাঢ়নি পানীত বুৰ গৈছে বাসগৃহ, কৃষি পথাৰৰ লগতে ক্ষতিসাধন হৈছে পশুধনৰ। বাটে-পথে আশ্ৰয় গ্ৰহণ বানাক্ৰান্ত ৰাইজৰ। প্ৰায় ২০ বছৰৰ পাছত বানপানীৰ কবলত পৰিছে অঞ্চলটোৰ ৰাইজ। এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

ইতিমধ্যে সমজিলা প্ৰশাসনে খবৰ পোৱাৰ পাছতেই অঞ্চলটোলৈ চৰকাৰী বিষয়া প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে সমজিলা আয়ুক্তগৰাকীয়ে।













