
জামুই কাণ্ডৰ প্ৰভাৱ অন্ত নপৰোতেই বিহাৰৰ আন এখন জিলা সমস্তিপুৰতো একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে। এগৰাকী কিশোৰী আৰু তেওঁৰ বন্ধুক নিৰ্যাতন আৰু প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এদল যুৱকৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, ঘটনাটো ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। জামুইৰ পিছত সমস্তিপুৰ কাণ্ডই কঁপাই তুলিছে বিহাৰৰ আইন-শৃংখলা পৰিস্থিতি। এই ঘটনাত অভিযুক্তক কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় যদিও ৰাজ্যখনত মহিলাসকল কিমান সুৰক্ষিত, অনুৰূপ দুটা ঘটনাই ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
কৰ্পুৰীগ্ৰাম থানাৰ অন্তৰ্গত জগতসিংপুৰ গাঁৱৰ সমীপৰ বাইপাছ পথত বুধবাৰে সংঘটিত হয় এই ঘটনা। ঘটনাৰ ভিডিঅ’ আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে অভিযুক্তক চিনাক্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ঘৰৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কিশোৰীগৰাকীয়ে বন্ধুৰ সৈতে ডেম বাইপাছত বাইকত উঠি ফুৰিবলৈ গৈছিল। তাত ফটো তুলি আছিল। সেই সময়ত কেইজনমান যোৱক তালৈ আহিছিল। প্ৰথমে তেওঁলোকক সোধা হয় যে তেওঁলোকে ইয়াত কি কৰি আছে। ইয়াৰ পিছত যুৱককেইজনে তেওঁলোকক অশ্ৰাৱ্য ভাষাৰে গালি-গালাজ কৰিবলৈ ধৰে। হঠাৎ তেওঁলোকে ছোৱালীজনীক টানিবলৈ ধৰে। ল’ৰাজনে ইয়াৰ প্ৰতিবাদ কৰাত তেওঁক মাৰপিট কৰা হয়। ইয়াৰ পিছতে কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ। একাংশ অভিযুক্তই পুনৰ এই ঘটনাৰ ভিডিঅ’ প্ৰস্তুত কৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত ভিডিঅ’টো বিয়পাই দিয়ে। উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত জামুইৰ পাহাৰীয়া অঞ্চল মাৰৱাৰত দশম শ্ৰেণীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন আৰু হাৰাশাস্তি কৰা হৈছিল। এই ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। ইয়াৰে কেইবাজনো অভিযুক্ত নাবালক আছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ‘মূল’ অভিযুক্ত নন্দন যাদৱকে ধৰি পাঁচজন লোকক। দুই নাবালককো গ্ৰেপ্তাৰ কৰা হৈছে। জামুইত সংঘটিত নিৰ্যাতন কাণ্ডক লৈ ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ মাত্ৰ চাৰিদিন পিছতে জামুইৰ পৰা ১৩১ কিলোমিটাৰ নিলগৰ বিহাৰৰ আন এখন জিলা সমস্তিপুৰতো একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে।












