ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

নিউজ ডেস্কঃ

News Desk by News Desk
September 24, 2026
Reading Time: 1 min read
A A
0
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

RELATED POSTS

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

New Logo Smal 1 | ASSAM TIMES POST

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (Chief Election Commissioner) জ্ঞানেশ কুমাৰক (Gyanesh Kumar) লৈ আয়োগৰ ভিতৰতে প্ৰশ্ন উত্থাপন হৈছে। বুধবাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক তদন্তমূলক প্ৰতিবেদনত দাবী কৰা হৈছে যে দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে জ্ঞানেশ কুমাৰক একাধিক বিষয়ত কাঠগড়াত তুলিছে। সান্ধু আৰু যোশীয়ে অভিযোগ কৰে যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তেওঁলোকক অন্ধকাৰত ৰাখি সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিবেদন অনুসৰি, বিগত ১০ মাহত ১৪ বাৰকৈ আয়োগৰ সিদ্ধান্তৰ ওপৰত দুই নিৰ্বাচন আয়ুক্ত সান্ধু আৰু যোশীয়ে আপত্তি কৰিছে। আয়োগৰ সিদ্ধান্ত আৰু নিৰ্দেশক লৈ তেওঁলোকে এদিনতে চাৰিবাৰ আপত্তি কৰে। কিন্তু প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকৰ আপত্তিক কোনো সময়ত গুৰুত্ব দিয়া হোৱা নাই। মূলতঃ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা আৰু এছ আই আৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন কৰা সম্পৰ্কীয় কেইবাটাও বিষয়ত সান্ধু আৰু যোশীয়ে আপত্তি কৰিছিল। আয়ুক্ত দুগৰাকীৰ মতে, এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত তেওঁলোকক অন্ধকাৰত ৰাখি নতুন নাম সংযোজন আৰু ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল। নিৰ্বাচন আয়োগৰ নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক ‘অবৈধ আৰু অকৰ্তৃত্বশীল’ বুলি অভিহিত কৰিছে দুয়োগৰাকী নিৰ্বাচন আয়ুক্তই। প্রতিবেদনৰ এটা অংশত সান্ধুৱে অভিযোগ কৰে যে আয়ুক্ত দুজনৰ লিখিত প্রস্তাৱৰ বিপৰীতে গৈ নির্বাচন আয়োগে ‘অবৈধ’ পদক্ষেপ লৈছে৷

নতুন ভোটাৰসকলে ফৰ্ম ৬ ব্যৱহাৰ কৰি নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল। এইবাৰ নতুন ভোটাৰসকলে সেই প্ৰপত্ৰত উল্লেখ কৰিবলগীয়া হৈছিল যে তেওঁলোকৰ পিতৃ বা ককাকৰ নাম পূৰ্বৰ এছ আই আৰত আছেনে নাই। এই সন্দৰ্ভত আইন সংশোধনৰ পূৰ্বে সান্ধুৱে চৰকাৰক সকীয়াই দিছিল যে প্ৰপত্ৰ সলনি কৰাটো সঠিক নহ’ব। কিন্তু অভিযোগ কৰা হৈছে যে সেই সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে ১৩ আগষ্টত সান্ধুৱে ফৰ্ম ৬ৰ এই পৰিৱৰ্তনক ‘অবৈধ’ বুলি অভিহিত কৰিছিল। লগতে তেওঁ নিজৰ মতামত প্ৰকাশ কৰে যে পিতৃ বা ককাকৰ সৈতে মেপিং কৰাৰ বিষয়টো তৎক্ষণাত আঁতৰাই পেলাব লাগে।

আনহাতে, স্বচ্ছ ভোটাৰ তালিকা সৃষ্টিৰ বিষয়টো এতিয়া বিকেন্দ্ৰীকৃত পদ্ধতিৰে নিয়ন্ত্ৰিত নহয় বুলিও অভিযোগ উত্থাপন কৰে আয়ুক্ত দুগৰাকীয়ে। সমগ্ৰ বিষয়টো নিয়ন্ত্ৰিত হৈছে আয়োগৰ তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালক প্ৰধান সীমা খান্নাৰ দ্বাৰা। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব নিৰ্বাচনী পঞ্জীয়ন বিষয়া বা ই আৰ অ’ৰ ওপৰত। ইয়াৰ পূৰ্বে ‘EROnet’ ছফ্টৱেৰত ভোটাৰ তালিকা উপলব্ধ আছিল। এতিয়া ‘ECInet’ ত উপলব্ধ। ভোটাৰ তালিকাৰ পৰা নাম সংযোজন আৰু বাদ পৰাৰ ই আৰ অ’ৰ ক্ষমতা হ্ৰাস পাইছে নেকি সেই সন্দৰ্ভত নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে। আগষ্ট মাহত দেশৰ অন্যতম শীৰ্ষ নিৰ্বাচন আয়ুক্ত সান্ধুৱে কৈছিল যে নিৰ্দিষ্ট নিৰ্বাচনী বিষয়াসকলৰ ‘ইৰ’নেট’ পৰ্টেলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আয়োগৰ আই টি বিভাগৰ দায়িত্বত থকা সীমা খান্নাৰ ভূমিকাক আপত্তি কৰি সান্ধুৱে কয়, “আইন অনুসৰি তেওঁ ইয়াক (পৰ্টেল) নিয়ন্ত্ৰণ কৰিব নোৱাৰে।”

election | ASSAM TIMES POST
নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত বিবেক যোশী

প্ৰতিবেদন অনুসৰি, ‘ইৰ’নেট’ পৰ্টেলত এই কেন্দ্ৰীকৰণৰ বাবে গোৱাত বহু লোকে ভোটাধিকাৰ হেৰুৱাইছে। যোৱা ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে যিসকল ভোটাৰৰ নাম বা বয়স পুৰণি ভোটাৰ তালিকাৰ সৈতে মিল নাথাকে, তেওঁলোকক নথি-পত্ৰ জমা দিবলৈ আৰু শুনানিৰ সুযোগ দিব লাগে। গোৱাৰ ই আৰ অ’সমূহে শুনানিৰ পিছত ৯৭ জন লোক যোগ্য বুলি ৰায় দিয়ে। কিন্তু সেই ৰায় লিখাৰ কোনো ব্যৱস্থা ছফ্টৱেৰত নাছিল। ১১ৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত গোৱাৰ মুখ্য নিৰ্বাচনী বিষয়া বা মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ে ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীলৈ চাৰিবাৰকৈ পত্ৰ লিখি সীমা খান্নাক পত্ৰখনৰ প্ৰতিলিপি দি সীমা খান্নাক ৰোলবেক বিকল্প সক্ৰিয় কৰিবলৈ কয়, যাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বাদ দিয়া নামসমূহ পুনৰ সংস্থাপন কৰিব পৰা যায়। প্ৰতিবেদনত কোৱা হৈছে যে সময়সীমা পাৰ হোৱাৰ পিছতো কোনো উত্তৰ পোৱা নাছিল আৰু নথি-পত্ৰ জমা দিয়াৰ ব্যৱস্থাও সক্ৰিয় হোৱা নাছিল। ফলত চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বাদ পৰে ৯৭ গৰাকী যোগ্য লোক।

উল্লেখ্য যে যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক জনাইছিল যে পশ্চিমবংগত এছ আই আৰৰ পিছতে ন্যায়াধিকৰণত ৩৮ লাখ আবেদন দাখিল কৰা হৈছে। ইয়াৰে ২২.২১ লাখ আবেদন দাখিল কৰা হৈছিল বাদ পৰা নাম পুনৰুদ্ধাৰৰ বাবে। ন্যায়িক বিষয়াৰ নিৰ্দেশত ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাৰ বাবে ১৬.১০ লাখ আবেদন দাখিল কৰা হয়। এই আবেদন কোনে কৰিছিল সেই কথা আয়োগে প্ৰকাশ কৰা নাই। ন্যায়িক বিষয়াই সন্মতি দিয়াৰ পাছতো কোনে নাম আঁতৰাবলৈ অনুৰোধ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে সান্ধুৱে। আগষ্ট মাহত আয়োগলৈ লিখা এখন পত্ৰত তেওঁ কয়, “আয়োগৰ হৈ এই সকলোবোৰ আবেদন (নাম আঁতৰোৱাৰ) কৰাৰ কৰ্তৃত্ব কোনে দিলে? কোনে কৰিলে?” সান্ধুৱে পত্ৰখনত কয় যে তেওঁ, যোশী আৰু পশ্চিমবংগৰ বৰ্তমানৰ মুখ্য নিৰ্বাচনী বিষয়া এই বিষয়ে অৱগত নাছিল।

ইফালে বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা হ’ল, নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পিছতো বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালে মুখ্য নিৰ্বাচন আয়ুক্তক গ্ৰেপ্তাৰ কৰি অপৰাধমূলক গোচৰ ৰুজু কৰাৰ দাবী জনাইছে।

উল্লেখ্য যে সংবিধানৰ ৩২৪ অনুচ্ছেদ অনুসৰি তিনিজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত আন দুজনতকৈ মুখ্য নিৰ্বাচন আয়ুক্তৰ গুৰুত্ব অলপ বেছি। কিন্তু তাত স্পষ্টকৈ কোৱা হৈছে যে তেওঁ অকলে কোনো সিদ্ধান্ত ল’ব নোৱাৰে। তিনিওজনৰ সহমতৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হ’ব। যদি তিনিওজনে কোনো বিষয়ত একমত হ’ব নোৱাৰে তেন্তে গৰিষ্ঠসংখ্যক আয়ুক্তই যি কয় সেয়া চূড়ান্ত হ’ব। এনে ক্ষেত্ৰত মুখ্য নিৰ্বাচন আয়ুক্তই নিজৰ পদাধিকাৰৰ দ্বাৰা প্ৰভাৱ পেলাব নোৱাৰে।

আয়োগৰ বৰ্তমানৰ তিনিগৰাকী নিৰ্বাচন আয়ুক্তক কেন্দ্ৰত এন ডি এ চৰকাৰে নিৰ্বাচন কৰিছিল। ২০২৩ চনত এই নিযুক্তি আইনত পৰিৱৰ্তন কৰা হয়। এই সিদ্ধান্ত লোৱা হয় যে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিৰোধী দলৰ নেতাৰে গঠিত পেনেলে নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিব। ২০২৪ চনৰ মাৰ্চ মাহত সান্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তত আপত্তি কৰিছিল তেতিয়াৰ বিৰোধী দলপতি অধীৰ চৌধুৰীয়ে। ২০২৫ চনত যেতিয়া জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত আৰু যোশীক নিৰ্বাচন আয়ুক্ত কৰা হৈছিল তেতিয়াৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আপত্তি কৰিছিল। কিন্তু প্ৰতিবাৰেই সংখ্যাগৰিষ্ঠ শক্তিৰ বাবে (২:১ অনুপাত) এই আপত্তিবোৰে গুৰুত্ব পোৱা নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumar
Share4Tweet3Send

Related Posts

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
50
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
52
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
ADVERTISEMENT
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d