এই মুহূৰ্তত আনন্দত মতলীয়া অভিনেত্ৰী সোণাক্ষী সিনহা (Actress Sonakshi Sinha)। শেহতীয়াকৈ তেওঁৰ ‘দহৰ’ ধাৰাবাহিকখনে (‘Dahar’ serial) মুক্তিলাভ কৰিছে। এই ধাৰাবাহিকখনত তেওঁৰ অভিনয়ক ইতিমধ্যে সকলোৱে প্ৰশংসা কৰিছে। ইয়াৰ উপৰি শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ক্ৰয় কৰিছিল সাগৰমুখী ফ্লেট। এতিয়াও স্থানান্তৰিত হোৱা নাই, অন্তিম পৰ্যায়ৰ অভ্যন্তৰীণ সজ্জা চলি আছে। পুৱাৰ পৰিৱেশৰ নতুন ফ্লেটৰ ছবিখন শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ আৰু এটা ভাল খবৰ। কেইবাদিনো ধৰি জাহীৰ ইকবাল আৰু সোণাক্ষী সিনহাৰ (Zaheer Iqbal and Sonakshi Sinha) সম্পৰ্কত চৰ্চা চলি আহিছে। অৱশ্যে তাৰকা দুজনৰ মুখত ইমান দিনে তলা লাগি আছিল এই সন্দৰ্ভত। অভিনেত্ৰীগৰাকীৰ জন্মদিনত ৰাজহুৱাভাৱে কয় ‘আই লাভ ইউ’। সোণাক্ষীৰ পৰা কি সঁহাৰি আহিল?
অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। ছচিয়েল মিডিয়াৰ জৰিয়তে ইজনে সিজনৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা স্বীকাৰ কৰে। সোণাক্ষীৰ ৩৬ সংখ্যক জন্মদিনত অভিনেত্ৰীগৰাকীৰ সৈতে বহু ছবি শ্বেয়াৰ কৰি জাহীৰে লিখিছে, “মানুহেতো বহুত কথা কʼব। কিন্তু জানো, তুমি মোৰ ওপৰত ভৰসা কৰিবা। গোটেই পৃথিৱীখন দেখিছা তুমি। তুমিয়েই শ্ৰেষ্ঠ, তোমাৰ গৰ্জন অব্যাহত থাকক। মই তোমাক ভালপাওঁ।”
জাহীৰৰ পোনপটীয়া প্ৰশংসাৰ প্ৰত্যুত্তৰত সোণাক্ষীয়ে হাৰ্ট ইমোজিও পঠালে। সংবাদ মাধ্যমৰ সন্মুখত প্ৰথমবাৰৰ বাবে একত্ৰিত হয় ছলমান খানৰ ভগ্নীৰ ঘৰৰ ঈদৰ অনুষ্ঠানত। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীৰ জন্মদিনত এই প্ৰেমভৰা বাৰ্তা। জাহীৰৰ তৰফৰ পৰা দুয়ো তাৰকাই চুক্তিত ছীল কৰিলে! সেই সন্দৰ্ভত জল্পনা-কল্পনা মায়ানগৰীত।
এছ কে এফ ফিল্মছৰ বেনাৰত বলীউডত অভিষেক ঘটে জাহীৰ ইকবালৰ। ছলমানৰ সৈতে জাহীৰৰ পিতৃৰ দীৰ্ঘদিনীয়া বন্ধুত্ব। জাহীৰৰ ভনীয়েকৰ বিয়াত তেওঁক মঞ্চত দেখি চল্লুভাই আপ্লুত হৈ পৰে। ইয়াৰ পিছত তেওঁ জাহীৰক ছবিখনত সুযোগ দিলে। যদিও ছবিখন হিট নহʼল। অৱশ্যে সোণাক্ষীৰ বাবেই অভিনেতাগৰাকীয়ে বাৰে বাৰে শিৰোনাম দখল কৰি আহিছে।