
সমগ্ৰ ৰাজ্যৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম বোলছবি ” ৰৈ ৰৈ বিনালে” শুভ মুক্তিৰ পাছত শুকুৰবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ গেলেক্সি চিনেমা হলতো প্ৰদৰ্শন কৰা হ’ল “ৰৈ ৰৈ বিনালে” বোলছবি ৷ শুকুৰবাৰে পুৱা ১১ বজাত ডিফু এমজি ৰোডস্থিত গেলেক্সি চিনেমা হলত প্ৰথমখন দৰ্শনী মুকলি কৰা হয় ৷

ডিফু আৰু ইয়াৰ কাষৰীয়া, ধনশিৰি, বৰলাংফেৰ, বকলীয়াঘাট, মাঞ্জা আদি অঞ্চলৰ পৰা আহি প্ৰাণৰ শিল্পী গৰাকীৰ সপোনৰ অন্তিম বোলছবি দৰ্শন কৰে ৷ প্ৰথম দৰ্শনীত গেলেক্সী চিনেমা হলত হাউছফুল ৷ তদুপৰি অহা ২ নৱেম্বৰলৈকে সকলোবোৰ আসনৰ বাবে টিকট বুকিং হৈ আছে বুলি জানিবলৈ দয়ে চিনেমা হল খনৰ স্বত্বাধিকাৰীয়৷ “ৰৈ ৰৈ বিনালে বোলছবি খন দৰ্শন কৰি অনুৰাগী সকল জুবিন গাৰ্গৰ ন্যায় বিচীৰিলে জুবিন অনুৰাগী সকলে ৷ ডিফুৰ গেলেক্সি চিনেমা হলত দৈনিক চাৰিটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷









