
অভিনেতা সুশান্ত সিং ৰাজপুতৰ (Actor Sushant Singh Rajput) প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ (Former manager Disha Salian) ৰহস্যজনক মৃত্যুৰ তদন্ত (Investigation of a mysterious death) চিবিআইক অৰ্পণ (Hand over to CBI) কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। বুধবাৰে আদালতে কয় যে চিবিআয়ে এই গোচৰৰ এফআইআৰ দাখিল কৰি পুংখানুপুংখ তদন্ত কৰিব।
বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সাৰং কোটৱাল আৰু ৰঞ্জিত সিং ৰাজা ভোছালেৰ এখন বিভাগীয় বিচাৰপীঠে এই গোচৰৰ তদন্ত চিবিআইৰ এজন অভিজ্ঞ আৰু জ্যেষ্ঠ বিষয়াক দিব লাগে বুলি মন্তব্য কৰে। লগতে কোৱা হৈছে যে এই গোচৰৰ তদন্তত পৰ্যাপ্ত প্ৰমাণ নোপোৱালৈকে জড়িত কোনো ব্যক্তিক অভিযুক্ত বুলি গণ্য কৰিব নোৱাৰিব। আদালতে মুম্বাই আৰক্ষীক এই গোচৰৰ সকলো নথি-পত্ৰ চিবিআইক গতাই দিবলৈ নিৰ্দেশ দিছে। বিচাৰপীঠে কয়, “যদি তদন্তৰ সময়ত এই কাণ্ডত কোনো গোচৰ গঠন হোৱা নাই বুলি ধৰা পৰে, তেন্তে চিবিআয়ে নিম্ন আদালতত চমু প্ৰতিবেদন দাখিল কৰিব।” একে সময়তে দিশাৰ পিতৃ আৰু বাদী সতীশ ছালিয়ানে এই প্ৰতিবেদনক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ পাব বুলিও প্ৰকাশ কৰিছে। এই ঘটনাৰ তদন্তত সতীশৰ বক্তব্য লিপিবদ্ধ কৰিবলৈও চিবিআইক নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে যোৱা ৮ জুন, ২০২০ তাৰিখে দিশাৰ মৃত্যু হয়। ইয়াৰ ছয় দিনৰ পাছত সুশান্ত ৰাজপুতক তেওঁৰ বান্দ্ৰাৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। দিশাৰ মৃত্যুৰ আঁৰৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন হৈছিল। দিশাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে সতীশে। এই অভিযোগৰ লক্ষ্য আছিল উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে।
অৱশ্যে দিশাই আত্মহত্যা কৰা বুলি মুম্বাই আৰক্ষীয়ে বম্বেই উচ্চ ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দিছিল। আৰক্ষীয়ে দাবী কৰে যে সতীশৰ এই অভিযোগ ভিত্তিহীন। তেওঁলোকে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ কোনো ইংগিত পোৱা নগ’ল। আৰক্ষীয়ে দাবী কৰিছিল যে দিশা পাৰিবাৰিক সমস্যা, কৰ্মৰ চাপ আদিৰ বাবে মানসিকভাৱে অস্থিৰ হৈ পৰিছিল। সেইবাবেই তেওঁ এই চৰম পথ বাছি লৈছিল। অৱশ্যে আৰক্ষীৰ এই দাবী মানি ল’বলৈ অনিচ্ছুক আছিল সতীশ। উচ্চ ন্যায়ালয়ৰ কাষ চাপে তেওঁ। এইবাৰ আদালতে সেই গোচৰৰ তদন্ত চিবিআইক দিয়ে।













