
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ (ISRO) পৰা পদত্যাগ কৰিছে কেইবাজনো বিজ্ঞানীয়ে (Scientist’s Resignation)। ইয়াৰ পিছতে মহাকাশ বিভাগে (DOS) গণ পদত্যাগ আৰু স্বেচ্ছামূলক অৱসৰ ৰোধৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। দেশৰ মহাকাশ অভিযান ‘গগনযান’ আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত গ্ৰুপ-এ পৰ্যায়ৰ বিজ্ঞানী আৰু অভিযন্তাৰ পদত্যাগ বা স্বেচ্ছামূলক অৱসৰৰ আবেদন আৰু পূৰ্বৰ নিয়ম অনুসৰি গ্ৰহণ কৰা নহ’ব বুলি অৱগত কৰা হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইছৰোৱে ১৪ জুলাইৰ পৰা এই সন্দৰ্ভত গাইডলাইন জাৰি কৰিছে, যিটো ইছৰোৰ অধীনত ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰ (ইউ আৰ এছ চি) আৰু বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰকে (ভি এছ এছ চি) ধৰি অন্যান্য সংস্থালৈ প্ৰেৰণ কৰা হৈছে। নতুন নিয়ম অনুসৰি যদি বিজ্ঞানী বা কাৰিকৰীবিদৰ অৱসৰ বা পদত্যাগ আবেদন দাখিল কৰা হয় তেন্তে কেন্দ্ৰটোৰ সঞ্চালকৰ স্পষ্ট পৰামৰ্শৰ লগতে চূড়ান্ত সিদ্ধান্তৰ বাবে মহাকাশ বিভাগলৈ প্ৰেৰণ কৰা হ’ব। ২০২০ চনৰ গাইডলাইনত এই সিদ্ধান্ত কেৱল কেন্দ্ৰটোৰ সঞ্চালকেহে ল’ব পাৰিব বুলি উল্লেখ আছিল।

শেহতীয়া খবৰ অনুসৰি, প্ৰায় ১০০ জন কৰ্মচাৰীয়ে পদত্যাগ কৰিছে। ইয়াৰে এজন হৈছে ‘জি এছ এল ভি মাৰ্ক-৩’ প্ৰকল্পৰ পৰিচালক তথা জ্যেষ্ঠ বিজ্ঞানী ভিক্টৰ জোচেফ টি। বিশেষজ্ঞৰ মতে, ২০২৩ চনৰ মহাকাশ নীতিৰ পিছত দেশত মহাকাশ ষ্টাৰ্ট-আপৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়া দেশত ৪০০ৰো অধিক মহাকাশ ষ্টাৰ্ট-আপ আছে আৰু পিক্সেল, স্কাইৰুট এৰ’স্পেচৰ দৰে কোম্পানীত বৃহৎ বিনিয়োগৰ বাবে বহু বিজ্ঞানীয়ে তেওঁলোকৰ সৈতে যোগদান কৰিছে।
ইছৰোৰ বিজ্ঞানী সংকটৰ উপৰি শেহতীয়াকৈ দুটা ৰকেট ‘পিএছএলভি’ একেৰাহে দুটা অভিযানত বিফলতাৰ সন্মুখীন হৈছে। অৱশ্যে এই বিপৰ্যয় অতিক্ৰম কৰাৰ পিছত ইছৰোৱে তেওঁলোকৰ পৰৱৰ্তী বৃহৎ প্ৰকল্পসমূহত মনোনিবেশ কৰিছে। য’ত মহাকাশলৈ মানুহ পঠোৱাৰ অভিযান ‘গগনযান’, চন্দ্ৰৰ মাটি অনাৰ প্ৰকল্প ‘চন্দ্ৰযান-৪’, ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ ‘ভাৰতীয় মহাকাশ কেন্দ্ৰ’ (বিএছএছ)’ আৰু মংগল গ্ৰহ অভিযান ‘মংগলযান-২’ আদি অন্তৰ্ভুক্ত আছে।












