
দেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা বৃদ্ধ আৰু মৃত্যুমুখী বন্দীসকলৰ বাবে মানৱতাৰ নামত উচ্চতম ন্যায়ালয়ে (Supreme Court Of India) এক নতুন নিৰ্দেশ জাৰি কৰিছে। তেওঁলোকৰ আগতীয়া মুক্তিৰ বাবে এক নিৰ্দিষ্ট নীতি প্ৰস্তুত কৰা হ’ব।

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে ইয়াক কাৰ্যকৰী কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ সংমণ্ডল বিচাৰপীঠে অহা তিনি মাহৰ ভিতৰত এই নীতি প্ৰণয়নৰ সময়সীমা নিৰ্ধাৰণ কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ মতে, ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ (নালছা) আবেদনৰ ভিত্তিত দেশৰ শীৰ্ষ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে। লগতে উচ্চতম ন্যায়ালয়ে কয় যে ডিজিটেল ‘ই-কাৰাগাৰ’ পৰ্টেলৰ জৰিয়তে কয়দীসকলক আগতীয়াকৈ মুক্তিৰ বাবে সমগ্ৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। এই পৰ্টেলত স্বয়ংক্ৰিয় সতৰ্কবাণী আৰু সময়সীমা নিৰীক্ষণৰ ব্যৱস্থা থাকিব, যাৰ বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰা সম্ভৱ হ’ব।
ইয়াৰ উপৰি পৰ্টেলটোৱে নিজাববীয়াকৈ কম্প্লাইয়েন্স ৰিপ’ৰ্ট তৈয়াৰ কৰিব পাৰিব আৰু ই ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ (এছ এল এছ এ) দৰে সংস্থাক বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সহায় কৰিব। অৱশ্যে এই গোচৰত কয়দীসকলৰ সকলো ব্যক্তিগত তথ্য গোপনীয়ভাৱে ৰখা হ’ব বুলিও শীর্ষ আদালতে কয়৷
উচ্চতম ন্যায়ালয়ে এই ডিজিটেল আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচাৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰক এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰই ৰাজ্যসমূহক প্ৰয়োজনীয় কাৰিকৰী সাহায্য, ডিজিটেল আন্তঃগাঁথনি, ছফ্টৱেৰ বিকাশ, ৰক্ষণাবেক্ষণ আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিব লাগিব বুলি জনোৱা হৈছে।
আদালতে স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে প্ৰস্তুত কৰা নতুন নীতিত কয়দীৰ মুক্তিৰ বাবে যোগ্যতাৰ মাপকাঠি আৰু আইনী প্ৰক্ৰিয়া স্পষ্টভাৱে উল্লেখ কৰা উচিত। কোনো ধৰণৰ খেলিমেলি হ’ব নালাগে। এটা একেধৰণৰ আৰু নিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগে, যাৰ বাবে বন্দীসকলৰ শাৰীৰিক অৱস্থাক ‘মৃত্যুমুখী ব্যাধি’ হিচাপে গণ্য কৰা হ’ব।











