বৃহস্পতিবাৰে পুৱাৰ ভাগত ডিফুৰ সমীপৰ ডিফু-দলদলীৰ ৰে’লৱে (Diphu-Daldali railway track) কিলোমিটাৰ নম্বৰ 226/01ৰ মাজৰ ৰে’ল লাইনৰ কাষত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ (Unidentified body recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফু চৰকাৰী ৰেল আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত ডিফু-দলীৰ মাজৰ ৰেল লাইনৰ কাষত এজন অচিনাক্ত লোক পৰি থকা বুলি খবৰ লাভ কৰি ডিফু চৰকাৰী ৰেল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেচৰ নেতৃত্বত পহৰা চকীৰ ষ্টাফৰ সহযোগত ঘটনাস্থলীৰ পৰা মৃত অৱস্থাত পৰি থকা এজন প্ৰায় ৪৫ বছৰীয়া অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লোকজন নিশা ৰে’লৰ পৰা মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ লোকজনে পিন্ধি থকা সাজপাৰৰ পৰা লোকজনক ৰেল আৰক্ষীয়ে কোনো খুজি-মাগি খোৱা লোক বা পগলা সন্দেহ প্ৰকাশ কৰিছে৷ মৃত লোকজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ নথি-পত্ৰ আৰু মোবাইল ফোন উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে লোকজনক চিনাক্ত কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিবলৈ দিছে৷
এই সন্দৰ্ভ ডিফু ৰেল আৰক্ষী পহৰা চকীত ১ জুন ২০২৪ ইং তাৰিখত ৪৯০ /২৩ ত দৈনিক দৰজ পঞ্জীত দৰজ দি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷