ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Death of Chum Ronghang : গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত প্ৰাক্তন কেবিনেট মন্ত্ৰী চুম ৰংহাঙৰ মৃত্যু

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 3, 2024
Reading Time: 1 min read
A A
0
Death of Chum Ronghang : গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত প্ৰাক্তন কেবিনেট মন্ত্ৰী চুম ৰংহাঙৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

শুকুৰবাৰে সন্ধিয়া ৫ মান বজাত কাৰ্বি আংলঙৰ (Karbi Anglong) এগৰাকী অন্যতম অগ্ৰণী নেতা, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী (Former Cabinet Minister in the Government of Assam), কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজ সংগঠক, সমাজকৰ্মী চুম ৰংহাঙৰ মৃত্যু (Death of Chum Ronghang) হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। উল্লেখযোগ্য যে, বৃক্কজনিত সমস্যাত বিগত প্ৰায় এমাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

উল্লেখযোগ্য যে, ১৯৬৩ চনৰ এক জানুৱাৰীত বকলীয়াঘাটৰ ৰজাপথাৰত জন্ম লাভ কৰা চুম ৰংহাঙে সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনক জীৱনজোৰা অৱদানেৰে সমৃদ্ধ কৰি থৈ গৈছে। কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষা বʼৰ্ডৰ উপ-পৰিদৰ্শক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰা ৰংহাঙে ১৯৯৪ চনত চৰকাৰী চাকৰি ইস্তফা দিয়াৰ পিছত পৰৱৰ্তী সময়ত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে। ২০০১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জ‌লাভ কৰা ৰংহাঙে ক্ৰমাগত দুটা কাৰ্যকাল পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব পালন কৰে। বিশেষকৈ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিশেষ দক্ষতাৰে পৰিচয় দাঙি ধৰাৰ লগতে জিলাখনৰ শিক্ষাখণ্ডৰ প্ৰভূত উন্নয়ন সাধন কৰি দক্ষতাৰে পৰিচয় দিয়ে।

ইয়াৰ মাজতে ২০০৬ চনত ছমাহৰ বাবে চুম ৰংহাঙে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিও প্ৰয়াত ৰংহাঙে সাংগঠনিক দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয়। ইয়াৰ পিছতে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৰংহাঙে ২০১৬ চনত ডিফু সমষ্টিৰ পৰা বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী (Cabinet Minister for Hill Area Development in the Cabinet) হিচাপে দায়িত্ব পালন কৰে।

Diphu1 | ASSAM TIMES POST

২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৰংহাঙে অসম হিলছ প্লেনিং বʼৰ্ডৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিছিল। বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা ৰংহাঙে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ডিফু সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও উক্ত নিৰ্বাচনত তেওঁ পৰাস্ত হয়। ইয়াৰ পিছত পুনৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা চুম ৰংহাঙে মৃত্যুৰ সময়লৈকে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অৱশ্যে, স্বাস্থ্যজনিত কাৰণত শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ পৰা বিৰত আছিল ৰংহাং।

১৯৭৮ চনতে কাৰ্বি ছাত্ৰ সন্থাৰ বকলীয়াঘাট শাখাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে সামাজিক ক্ষেত্ৰখনত জড়িত হৈ পৰা ৰংহাঙে এগৰাকী সমাজ সংগঠক হিচাপেও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজলৈ মহত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল।

প্ৰয়াত ৰংহাঙৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা কাৰ্বি জুতাং চিংথুৰ আমেই শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানে বিগত সময়ছোৱাত কাৰ্বিসকলৰ পৰম্পৰাগত কৃষ্টি – সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১১ চনত বকলীয়াঘাটত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮০ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ এগৰাকী অন্যতম উদ্যোক্তা হোৱাৰ লগতে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি অধিৱেশনখনি সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ২০০৪ চনত ৰজাপথাৰত অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেট আমেই (কাৰ্বি সাহিত্য সভা)ৰ কেন্দ্ৰীয় অধিৱেশনৰো আদৰণি সমিতিৰ সভাপতি হিচাপে ৰংহাঙে দায়িত্ব পালন কৰিছিল। বিশিষ্ট নেতাগৰাকীৰ এনে আকস্মিক মৃত্যুৰ বাতৰিয়ে জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চুম ৰংহাঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ৰংহাঙৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰে।

Tags: ChumRonghangDeathচুমৰংহাঙৰমৃত্যু
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx