পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছস্থিত (Boithalangsho) বৰপানী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে একেটা পৰিয়ালৰ দুগৰাকীকৈ কন্যা সন্তান। বাতৰি লিখা সময়লৈকে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু আনগৰাকী যুৱতী এতিয়াও সন্ধানহীন হৈ আছে।
উল্লেখ্য যে, দুপৰীয়া বৈঠালাংছ’ৰ শিলডুবীৰ বৰপানী ঘাটত গা ধুবলৈ নদীত নামিছিল দুই ভগ্নী ক্ৰমে সুস্মিতা ছেত্ৰী (২২) আৰু সংগীতা ছেত্ৰী (১৮) । তাৰ পিছতেই দুয়োগৰাকী পানীত সন্ধানহীন হোৱা বুলি সমগ্ৰ অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হয়।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে নৈৰ পৰা সংগীতা ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সুস্মিতা ছেত্ৰীৰ উদ্ধাৰৰ বাবে স্থানীয় লোকৰ লগতে এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।