আজি বিয়লি প্রায় ২ মান বজাত খটখটী থানা এলেকাৰ বৰলেঙৰীৰ ব্লক ১ত সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ড (Fire)। প্রাপ্ত খবৰ অনুসৰি অগ্নিকাণ্ডত প্ৰায় ৬০ টা পৰিয়ালৰ ঘৰ জুইত ভস্মীভূত হয়।
উক্ত অগ্নিকাণ্ডত কেইবাটাও চিলিন্ডাৰ বিস্ফোৰিত হয় আৰু এজন লোক আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰি খটখটী থানাৰ থানাৰ অচি ৰমেন বৰদলৈ, কাৰাগাওঁ পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অগ্নিনির্বাপন বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপিত কৰে।
আনহাতে ঘটনাস্থলীত কার্য্যবাহী দণ্ডাধীশ সীমান্ত বসুমতাৰী সহ দুর্যোগ ব্যবস্থাপনা আৰু প্রশমন বিভাগৰ লোক উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়। শ্বট চার্কিটৰ ফলত অগ্নিকান্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। উক্ত অগ্নিকাণ্ডত কেইবা লক্ষ্যাধিক টকাত সা-সম্পত্তি জাহ যায় বুলি জানিব পৰা গৈছে ৷