ভাড়াতীয়া হত্যাকাৰী লগাই শাহু-শহুৰক হত্যা (Murder) কৰাৰ অভিযোগ বোৱাৰীৰ বিৰুদ্ধে। লগতে অভিযোগ কৰা হৈছে যে নাবালক নাতিয়েকেৱেও এই অপৰাধত সংগ দিছিল। গুজৰাটৰ হিম্মতনগৰত সংঘটিত হৈছে এই ঘটনা। মৃতকক বিক্ৰম সিং (৬৫) আৰু মনহৰ কুঁৱৰবা (৬২) বুলি চিনাক্ত কৰা হৈছে। বিক্ৰম গুজৰাটৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল।
আৰক্ষীয়ে জনোৱা অনুসৰি, দম্পতীহালে তেওঁলোকৰ পুত্ৰ বনৰাজ সিং, বোৱাৰী মিত্তল কুমাৰী আৰু নাতিৰ সৈতে হিম্মতনগৰৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। ৩০ এপ্ৰিলত দুজন আততায়ী বনৰাজ কামলৈ যোৱাৰ পিছত বনৰাজৰ ঘৰত প্ৰৱেশ কৰিছিল। আক্ৰমণকাৰী দুজনে প্ৰথমে এটা আলমাৰীৰ পৰা ৪২.৫ লাখ টকাৰ গহনা আৰু নগদ ৩৫ লাখ টকা লুটি লৈছিল। পিছত তেওঁ বৃদ্ধ দম্পতীহালৰ ডিঙিত চুৰিৰে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলাই যায়। বনৰাজৰ অভিযোগৰ পিছত, আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে মৃত দম্পতীহালৰ বোৱাৰী মিত্তল এই হত্যাকাণ্ডৰ আঁৰত আছিল। আৰক্ষীৰ মতে, মিত্তল তেওঁৰ শাহুৱেকৰ আচৰণত সুখী নাছিল। আৰু সেইকাৰণে তেওঁ হত্যাকাৰীক নিযুক্তি দি তেওঁৰ শহুৰেক আৰু শাহুক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। মিত্তলৰ পুত্ৰও তেওঁৰ মাতৃৰ সিদ্ধান্তৰ সৈতে সন্মত হৈছিল। ইয়াৰ বাবে তেওঁ দুজন ভাড়াতীয়া হত্যাকাৰীৰ সৈতে ১০ লাখ টকাৰ চুক্তি কৰিছিল।
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত বোৱাৰীক গ্ৰেপ্তাৰ কৰিছে। চুৰি হোৱা টকা আৰু গহনাবোৰো উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, “৩০ এপ্ৰিলত হিম্মতনগৰত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেওঁৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হয়। অভিযোগ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰো। দম্পতীহালৰ হত্যাৰ মুখ্য অভিযুক্ত হৈছে বোৱাৰী। ভাড়াত লোৱা হত্যাকাৰী দুজনে হত্যা কৰিবলৈ ১০ লাখ টকাৰ চুক্তি কৰিছিল। আমি ৩০ লাখ টকাৰ অধিক নগদ ধন আৰু বহু লাখ টকাৰ গহনা উদ্ধাৰ কৰিছো। ’’