জ্যেষ্ঠ অধিবক্তা (Senior Advocate) কপিল চিব্বল (Kapil Sibal) উচ্চতম ন্যায়ালয় (Supreme Court) বাৰ এছ’চিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচিত (Elected president of bar association) হয়। সংগঠনটোৰ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হয়। তাত চিব্বলৰ উপৰি জ্যেষ্ঠ অধিবক্তা আদিশ চি আগৰৱালা, প্ৰদীপ কুমাৰ ৰায়, প্ৰিয়া হিঙ্গোৰানী আৰু ত্ৰিপুৰাৰী ৰায় আৰু নীৰজ শ্ৰীবাস্তৱেও এছচিবিএৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
সূত্ৰ অনুসৰি, চিব্বলে ১,০০০ তকৈও অধিক ভোট লাভ কৰাৰ বিপৰীতে ৰায়ে ৬৫০ তকৈ অধিক ভোট লাভ কৰে। উল্লেখ্য যে হাৰ্ভাৰ্ড ল স্কুলৰ স্নাতক চিব্বল ১৯৮৯-৯০ চনত ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। তেওঁক ১৯৮৩ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল।
১৯৯৫ চনৰ পৰা ২০০২ চনলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এছচিবিএৰ সভাপতি হিচাপে ইয়াৰ পূৰ্বে তিনিবাৰ কাৰ্যনিৰ্বাহ কৰিছিল।