৬ নং ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ’ৱে (BJP candidate Amarsing Tisso) চাৰিলাখৰো অধিক ভোট (By more than four lakh votes) লাভ কৰি সমষ্টিটোত বিজয় সাব্যস্ত কৰিব বুলি দাবী (Claim to win) কৰে ৷ ডিফুস্থিত বিজেপিৰ বাজপায়ী ভৱন কাৰ্যালয়ত আজি এক সংবাদমেলযোগে এই দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷
তেও কয় যে এইবাৰ নিৰ্বাচনত সমষ্টিটোৰ৮৯২৭৮৯ গৰাকী ভোটাৰ আছিল আৰু ইয়াৰে ৬৩১১১৩ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল ৷ ইয়াৰ ভিতৰত বিজেপিয়ে চাৰি লাখ আশী হাজাৰ ভোট লাভ কৰিব বুলি দাবী কৰে ৷ মুঠ ভোটদানৰ ৮০ শতাংশ ভোট বিজেপি দলে লাভ কৰিব বুলি দাবী কৰি ২০ শতাংশ ভোটৰ বাবে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী জনচ ইংতি কাথাৰৰ মাজত প্ৰতিদ্বন্দিতা হব বুলি তিচ’ৱে দাবী কৰে ৷
শান্তিপূৰ্ণ ভাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ বাবে ইষিট দেৱতাক স্মৰণ কৰি তিনিখন পাৰ্বত্য জিলাৰ জনসাধাৰণক ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰাৰ্থী গৰাকীয়ে৷
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী, গৃহমন্ত্ৰী অমিত ছাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক তেওক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তিচ’ৱে তিনিখন পাৰ্বত্য জিলাৰ প্ৰশাসনৰ মুৰব্বী আৰু বিজেপিৰ সভাপতি সম্পাদকসকলকো ধন্যবাদ জ্ঞাপন কৰে ৷ বিজয়ী হৈ আহিলে তিনিখন পাৰ্বত্য জিলাৰ উন্নয়ণ কৰাটোৱেই প্ৰধান লক্ষ্য হব বুলি উল্লেখ কৰি শিক্ষা খণ্ডৰ উন্নয়নত অধিক মনোনিৱেশ কৰিব বুলি বিজেপি প্ৰাৰ্থীগৰাকীয়ে ব্যক্ত কৰে৷