কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) শুকুৰবাৰে ৰায়বৰেলীৰ পৰা মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে ২০১৯ চনত আমেথি সমষ্টিত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল গান্ধী। কিন্তু এইবাৰ ৰাহুলে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নাই। ইয়াকে লৈ স্মৃতি ইৰাণীয়ে ইতিমধ্যে ৰাহুল গান্ধীক পলাতক আখ্যা দিছে।
এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰৰ পৰা ৰাহুল গান্ধীক কটাক্ষ কৰে। তেওঁ কয়, ভয় খাব নালাগে, পলাবও নালাগে। আনহাতে, ৰাহুলে প্ৰায়ে বিজেপি চৰকাৰক ভয় নকৰাৰ কথা কয় বুলি উল্লেখ কৰি কয় যে এতিয়া প্ৰমাণ হৈছে তেওঁ বিজেপিক কিমান ভয় কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ছোনিয়া গান্ধীকো এই প্ৰসংগলৈ টানি আনে।
তেওঁ কয়, আসন হেৰুওৱাৰ ভয়ত মাতৃ-পুত্ৰ দুয়ো পলাই গ’ল। তেওঁলোকৰ দলৰ আটাইতকৈ ডাঙৰ নেতাই পৰাজয়ৰ ভয়ত যুঁজ দিয়া নাই। ছোনিয়া গান্ধীয়ে ৰাজস্থানলৈ গৈ ৰাজ্যসভাৰ আসন লাভ কৰে। এইবাৰ পুত্ৰয়ো একেই কাম কৰিলে। শ্বাহজাদা হয়তো ৱেনাৰৰ পৰা পৰাস্ত হ’ব পাৰে। গতিকে তেওঁ আন এখন আসনৰ ওপৰত চকু ৰাখিছে।