খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং (Hardeep Singh) নিজ্জৰ হত্যা সন্দৰ্ভত তিনিজন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে কানাডিয়ান আৰক্ষীয়ে এই কথা জনায়। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কানাডিয়ান আৰক্ষীয়ে বিশ্বাস কৰে যে নিজ্জৰ হত্যাৰ সৈতে জড়িতসকলৰ ভিতৰত এই তিনিজন লোকো আছে।
উল্লেখযোগ্য যে বৰ্তমান ভাৰতৰ সৈতে কানাডাৰ সম্পৰ্ক সিমান এটা ভাল নহয়। কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতক বিভাজন কৰিব বিচৰা এক সন্ত্ৰাসবাদী শক্তি খালিস্তানপন্থী বাহিনীক আশ্ৰয় দিয়াৰ বাবে কানাডাক দোষাৰোপ কৰে।
আনহাতে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ন মাহ পূৰ্বে কানাডাৰ ৰাজপথত খালিস্তানপন্থী সন্ত্ৰাসবাদী নিজ্জৰ হত্যাৰ বাবে ভাৰতক দোষাৰোপ কৰে। ভাৰতে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে। ভাৰতে অভিযোগসমূহক ‘অযুক্তিকৰ’ আৰু ‘উদ্দ্যেশ্যপ্ৰোনোদিত’ বুলিও অভিহিত কৰে। কিন্তু ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ শীতল যুদ্ধ হ্ৰাস হোৱা নাই।
তাৰ পিছত এতিয়া নিজ্জৰৰ হত্যাৰ সন্দৰ্ভত তিনিজন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোককক কৰণ ব্ৰাৰ, কমলপ্ৰীত সিং আৰু কৰণপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে। বয়স ২২-৩০ বছৰৰ ভিতৰত। তিনিওজনৰ বিৰুদ্ধে নিজ্জৰ হত্যা আৰু হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ আৰোপ কৰা হৈছে।
তেওঁলোকে যোৱা কেইবছৰমান ধৰি আলবাৰ্টা অঞ্চলত ভাড়াত আছিল বুলি কানাডাৰ ইণ্টিগ্ৰেটেড হোমিচাইড ইনভেষ্টিগেচন দলৰ অধীক্ষক মনদীপ মুখাৰে কয়। এই তিনিওজনৰ ভাৰত চৰকাৰৰ সৈতে কোনো সম্পৰ্ক আছে নেকি জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি সূত্ৰৰ খবৰ।