দিল্লীৰ তিহাৰ কাৰাগাৰত (Tihar Jail) দুটা কয়দীৰ দলৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। শুকুৰবাৰে আবেলি ৩ নম্বৰ চেলত সংঘটিত এই সংঘৰ্ষত এজন কয়দীক হত্যা কৰা হয়। আন এজনক ছুৰীকাঘাত কৰা হয়।
উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালক সংঘৰ্ষস্থলীৰ ওচৰত ২ নম্বৰ চেলত ৰখা হৈছে। তিহাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, মৃত কয়দীজনক দিল্লীৰ শকুৰপুৰ অঞ্চলৰ বাসিন্দা দীপক বুলি চিনাক্ত কৰা হৈছে। তেওঁ কাৰাগাৰত ৰান্ধনি হিচাপে কাম কৰিছিল। হত্যাৰ গোচৰত তেওঁক আজীৱন কাৰাদণ্ড দিয়া হৈছিল।
আনহাতে, আক্ৰমণকাৰী আব্দুল বছিৰ আফগানিস্তানৰ এজন বিচাৰাধীন কয়দী। বছিৰ আৰু তেওঁৰ সহযোগীসকলে কাৰাগাৰত পৰিৱেশন কৰা খাদ্যৰ মানদণ্ডক লৈ হোৱা বিবাদৰ বাবে দীপক আৰু আনসকলক আক্ৰমণ কৰে।
দিল্লীৰ সঞ্চালক প্ৰধান (কাৰাগাৰ) সঞ্জয় বেনিৱালে শনিবাৰে কয় যে বছিৰে কেনেকৈ কাৰাগাৰৰ ভিতৰত ছুৰি পাইছিল জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে গেংষ্টাৰ লৰেন্স বিষ্ণইৰ সদস্য প্ৰিন্স তেৱাটিয়াকো যোৱা বছৰ এপ্ৰিলত তিহাৰ কাৰাগাৰৰ উক্ত ৩ নং চেলতেই ছুৰীকাঘাত কৰি হত্যা কৰা হৈছিল।