নিজৰ সুৰক্ষাৰ প্ৰতি যথেষ্ট চিন্তিত। ‘আপ কি আদালাত’ত (Aap ki Adalat)তেওঁ সেই কথা কৈছিল। ডুবাইৰ পৰা উভতি আহোঁতে কোৱা শুনা গৈছে যে ডুবাই ভাৰততকৈ বহু বেছি সুৰক্ষিত। সকলো সমস্যা নিজৰ দেশতে। ইটোৰ পিছত সিটোকৈ ছলমান খানৰ(Salman Khan) বক্তব্য চৰ্চালৈ অহাত কংগনা ৰানাৱটে মুখ খুলিলে। তেওঁ দেশৰ হৈ, দেশৰ শাসকসকলৰ হৈ কʼলে। একে সময়তে তেওঁ ভাইজানক আশ্বাস দিলে। তেওঁ কয়, “দেশৰ নিৰাপত্তা নিৰাপদ হাতত আছে। ইয়াক লৈ অযথা দুশ্চিন্তাৰ প্ৰয়োজন নাই।”
নায়িকা এইখিনিতে থমকি ৰʼল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ় হাতেৰে দেশ পৰিচালনা কৰি আছে। গতিকে ছলমানে নিশ্চিন্ত হৈ থাকিব পাৰে। এই প্ৰসংগত তেওঁ নিজৰ আদৰ্শও দাঙি ধৰিলে। তেওঁ ক’লে, “ময়ো প্ৰাণহানিৰ আশংকাত পৰিছিলোঁ। তেতিয়া মোক নিৰাপত্তা দিছিল, ঐশ্বৰিকভৱে। আপোনাৰ ক্ষেত্ৰতো কাষতে থিয় হৈ আছে। গতিকে তেওঁলোকক বিশ্বাস কৰক।” দেওবাৰে ৰানাৱটে হৰিদ্বাৰলৈ গৈ গংগা আৰতি কৰে। লগতে কেদাৰনাথ ধাম ভ্ৰমণ কৰিব। অভিনেত্ৰীগৰাকীৰ ভাষাত, “মোৰ সদায় কেদাৰনাথ ধাম চোৱাৰ বহুত ইচ্ছা আছিল। অৱশেষত সেয়া সঁচা হৈ উঠিছে।”
মৃত্যুৰ ভাবুকি লাভ কৰাৰ বাবে ছলমানক মুম্বাই আৰক্ষীয়ে Y+ কেটেগৰীত নিৰাপত্তা প্ৰদান কৰে। নিজৰ নিৰাপত্তাৰ কথা কওঁতে অভিনেতাগৰাকীয়ে লগতে কয়, “মই সম্পূৰ্ণ নিৰাপত্তাৰে সকলোতে যাওঁ। মই এইটোও জানো যে যি হ’ব লগা আছে সেয়াই হ’ব। যিমানেই বাধা দিবলৈ চেষ্টা নকৰা কিয়। মই ভগৱানৰ ওপৰত বহুত বিশ্বাস কৰো। মই জানো, তেওঁ আছে। তাৰ অৰ্থ এইটো নহয় যে মই মুক্তভাৱে ঘূৰি ফুৰো। এতিয়া মোক ইমানবোৰ বন্দুকেৰে আগুৰি আছে যে মই নিজেও কেতিয়াবা ভয় খাই যাওঁ।”