![]()
ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰতো অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত ৰাষ্ট্ৰজোৰা তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত জিলাখনৰ শতাধিক শিক্ষক শিক্ষয়ত্ৰীয়ে শিৱসাগৰ মহকুমা বিদ্যালয় সমুহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

নতুন পেঞ্চন নীতি পৰিহাৰ কৰি পুৰণি পেঞ্চন, নীতি বাহাল ৰখা, ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে, অপ্ৰাদেশীকৃত বিদ্যালয় সমুহ প্ৰাদেশীকৰণ কৰিব লাগে, অসমৰ বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন দাবীত এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হয়।
উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ জড়িয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।












