![]()
ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ নাগৰিকত্ব সমশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক বৃহৎ বাইক ৰেলিৰে শিৱসাগৰ চহৰৰ লগতে মেটেকা, জয়সাগৰ, জোনাকী নগৰ, ৰংঘৰ চাৰিআলি, প্ৰগতি চাৰিআলি, বিজি ৰোড আদি অঞ্চল পৰিভ্ৰমণ কৰে।

বিজেপি হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ৰাজ্য চৰকাৰ হায় হায়, ধৰ্মৰ নামত ৰাজনীতি নচলিব, বিজেপি গ’ বেক আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।












