ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰ
আজি পুৱা ৮.৩০ মান বজাত শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত শিৱসাগৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যু হয়। ডিমৌ কুশল পথৰ নিৱাসা চন্দ্ৰশেখৰ দত্ত নামৰ যুৱক জনে পুৱা AS04X0780 নম্বৰৰ স্কুটিৰে ডিমৌৰ পৰা শিৱসাগৰ মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত দিখৌ দলংৰ সমীপত এখন চাইকেলেকে মুখামুখি সংঘৰ্ষ লাগে।

সংঘৰ্ষৰ ফলত গুৰুত্বৰ ভাৱে আঘাত পোৱা যুৱক জনক ততাতৈয়াকৈ কাষতে থকা আদিত্য নাৰ্চিং হোমলৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই যুৱকজনক চিকিৎসা নকৰাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। মুখেদি অত্যাধিক ৰক্ত ক্ষণ হোৱা যুৱকজনক চিকিৎসকে বচাবলৈ বহু চেষ্ঠা কৰিছিল যদিও কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু হয়। মৃত চন্দ্ৰশেখৰ দত্ত শিৱসাগৰ মহাবিদ্যালয়ৰ তৃতীয় ষন্মানিষৰ ছাত্ৰ আছিল।

আনহাতে শিৱসাগৰত ব্যক্তিগত নাৰ্চিং হোমাৰ দৌৰাত্ম দিনে দিনে বৃদ্ধি পাব ধৰিছে। যি সময়ত শিৱসাগৰ জিলা প্ৰশাসনে ব্যক্তিগত নাৰ্চিং হোমত নিশা জৰুৰী কালীন সেৱা পুনৰ খুলিবলৈ চিন্তা চৰ্চা কৰি আছে, তেনে সময়তেই দিনদোপৰত এজন আঘাত প্ৰাপ্ত যুৱকক আদিত্য নামৰ ব্যক্তিগত চিকিৎসালয় খনে চিকিৎসা নকৰা কাৰ্যক ধিক্কাৰ দিছে শিৱসাগৰবাসীয়ে। শিৱসাগৰ জিলা প্ৰশাসনক আদিত্য নামৰ ব্যক্তিগত নাৰ্চিং হোম খনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় জনসাধাৰণে।












