ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ পৰিৱৰ্তনৰ ভূৱা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ নাগৰিকত্ব সংশেধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ উঠিপৰি লাগিছে। তাৰেই ক্ষোভত জ্বলিছে এতিয়া সমগ্ৰ অসম।

আজি সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ঐক্য সেনা অসমে।

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা সংগঠনটোৰ সহস্ৰাধিক সদস্যই হাতে হাতে অগ্নি শিখা লৈ সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি কেবৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহব, বিজেপি মুৰ্দাবাদ, জাতিদ্ৰোহী বিজেপি হুচিয়াৰ, অমৃত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, জাতিদ্ৰোহী সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনীৰে শিৱসাগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।












