![]()
চুডানৰ গৃহযুদ্ধৰ ছাঁ (Sudan Conflict) কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনত (Karnataka Election)। চুডানত আবদ্ধ হৈ আছে কৰ্ণাটকৰ বহু বাসিন্দা। এই বিষয়টোৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ( S Jaishankar) আৰু কৰ্ণাটক কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই ৰাজনৈতিক বাকযুদ্ধত লিপ্ত হৈছে।

ছিদ্দাৰমাইয়াই (Siddaramaiah) অভিযোগ কৰে যে ৰাজ্যখনৰ কমেও ৩১জন লোক চুডানত আবদ্ধ হৈ আছে। মোডী চৰকাৰে তেওঁলোকক ঘূৰাই অনাৰ পদক্ষেপ লোৱা নাই। জয়শংকৰৰ প্ৰত্ত্যুত্তৰ, “বহুত মানুহৰ জীৱন সংকটত পৰিছে। ইয়াক লৈ ৰাজনীতি নকৰিব।”
কৰ্ণাটকত যাতে কোনো কেন্দ্ৰবিৰোধী আৱেগ সৃষ্টি নহয় তাৰ বাবে আজি পুৱাৰে পৰা সক্ৰিয় হৈ আছে মোডী চৰকাৰ। সূত্ৰ অনুসৰি, কেন্দ্ৰই ইতিমধ্যে আমেৰিকা, ব্ৰিটেইন, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে যোগাযোগ কৰি বন্দী ভাৰতীয়সকলক ঘূৰাই আনিবলৈ যোগাযোগ কৰিছে। দিল্লীত এটা বিশেষ কণ্ট্ৰ’ল ৰুম স্থাপন কৰা হৈছে। যাৰ জৰিয়তে চুডানৰ ৰাজধানী খাৰ্টুমত থকা ভাৰতীয় দূতাবাসৰ সৈতে নিয়মীয়াকৈ আলোচনা চলি আছে।
দূতাবাসৰ হৈ হোৱাটছএপ গ্ৰুপ তৈয়াৰ কৰিও ভাৰতীয়সকলৰ মাজত যোগাযোগ ৰখা হৈছে। ছিদ্দাৰমাইয়াৰ মতে, কৰ্ণাটকৰ হাক্কি পিক্কিসকল বিগত কিছুদিন ধৰি কাৰ্যত খাদ্যহীন হৈ আছে। তেওঁলোকক ঘূৰাই অনাৰ ক্ষেত্ৰত এতিয়াও নিষ্ক্ৰিয় হৈ আছে চৰকাৰ।










