ASSAM TIMES POST
গুৱাহাটীঃ পিঁয়াজৰ দাম গুৱাহাটীত প্ৰতি কিগ্ৰাত ৯০ টকা আৰু দেশৰ ভিন্ন ৰাজ্যত ১০০ টকা হোৱাৰ প্ৰতিবাদত শুকুৰবাৰে অসম বিধান সভাৰ অধিৱেশনলৈ পিঁয়াজৰ মালা পিন্ধি আহে কেইবাজনো কংগ্ৰেছ বিধায়কে। ইয়াতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমত কয় যে নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে ‘অচ্চে দিন’ৰ মিছা প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন পিঁয়াজৰ বৰ্ধিত মূল্য ৰোধ কৰাত বিফল হোৱাৰ অভিযোগ তুলি তেওঁ কয় যে দেশত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈছে।












