ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে শুকুৰবাৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। ছাত্ৰ-ছাত্ৰীসকলে মুখত ক’লা কাপোৰ বান্ধি প্ৰৱেশদ্বাৰত বহি ‘কেব’ বিৰোধী শ্ল’গান সম্বলিত প্লে’ কাৰ্ড লৈ বিধেয়কখনৰ বিৰোধিতা কৰে।
প্ৰতিবাদী শিক্ষাৰ্থীসকলে সংবাদ মাধ্যমত কয় যে ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব। তেওঁলোকে অসম গণ পৰিষদৰ নেতৃত্বক সমালোচনা কৰি ক্ষমতালোভী আখ্যা দিয়ে। প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো সকীয়নি প্ৰদান কৰে।