ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ বৃহস্পতিবাৰে গোলাঘাটৰ কেইবাটাও স্থানত আলফা স্বাধীনৰ পতাকা উৰাৰ লগতে আলফা জিন্দাবাদ লিখা কেইবাখনো কাগজৰ পষ্টাৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
বৃহস্পতিবাৰে পুৱাৰ ভাগত ৩৯ নংৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলা আৰু ৰঙাজানত উদ্ধাৰ হৈছিল আলফাৰ পতাকা আৰু আলফা জিন্দাবাদ লিখা কেইবাখনো কাগজৰ পষ্টাৰ৷ নুমলীগড়ৰ পোৰাবাংলাৰ অসম কোঁৱৰ নামৰ এজন যুৱকক আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰিছে গোলাঘাট আৰক্ষীয়ে।
লগতে পোৰাবাংলাত অসম কোৱঁৰৰ ব্যৱসায় প্ৰতিষ্ঠানতো অভিযান চলাই আলফা স্বাধীনৰ পেড, পতাকা আৰু বহু অপত্তিজনক তথ্য কৰিছে বুলি জানিব পৰা গৈছে৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।
উল্লেখ্য যে ১৯৯০ চনৰ আজিৰ দিনটো অৰ্থাত ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে আলফাক নিষিদ্ধ ঘোষণা কৰিছিল৷ তাৰ পিছৰ পৰাই আলফাই আজিৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰি আহিছে৷ আজি এনেদৰে আলফা পতাকা উদ্ধাৰ হোৱাৰ পিছতে নিৰাপত্তাৰ দিশটোক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷












