ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপত বুধবাৰৰ নিশা এটা পইণ্ট ২২ পিষ্টল সহ এজন যুৱকক ৰাইজে আটক কৰি উত্তম-মধ্যম সোধাই পাচত আৰক্ষীক গতাই দিয়ে ৷ বুধবাৰে নিশা প্ৰায় ৬-৭জনীয়া এটা যুৱকৰ দলে পিষ্টল লৈ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগত নগাঁৱৰ খাগৰিজান মহাবিদ্যালয় সমীপত সৃষ্টি হয় এক পৰিস্থিতিৰ ।

ৰাইজে অভিযোগ কৰা মতে, ডকাইটতিৰ প্ৰচেষ্টাৰে যুৱকৰ দলটোৱে অঞ্চলটোত প্ৰৱেশ কৰিছিল । কিন্তু স্থানীয় ৰাইজে ৬-৭জনীয়া যুৱকৰ দলটোক খেদি যোৱাত দলটোৰ সদস্যসকলে পলায়ন কৰে যদিও দলটোৰ শংকুমণি গোস্বামী নামৰ এজন যুৱকক ৰাইজে আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন যুৱকজনৰ ঘৰ নগাঁও চহৰৰ খুটিকটীয়াত বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে৷ উল্লেখ্য যে জব্দকৃত পিষ্টলটোৰ অনুজ্ঞাপত্ৰ থকা বুলি ধৃত শংকুমণি গোস্বামীয়ে দাবী কৰিছে যদিও পিষ্টলটো বৈধ নে অবৈধ সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই৷ আৰক্ষীয়ে যুৱকজনক জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য, খাগৰিজান মহাবিদ্যালয়ৰ সমীপৰ ফাঁচি ৰোডত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবাধ প্ৰচলনৰ লগতে নানান অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।












